এডভান্টেজ আছাম ২.০ৰ বাবে দক্ষিণ কোৰিয়াত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- এডভান্টেজ আছাম ২.০ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত অসমৰ সম্ভাৱনাসমূহ উপস্থাপন কৰিবলৈ নতুন দিল্লীৰ পৰা দক্ষিণ কোৰিয়ালৈ উৰা মাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। দক্ষিণ কোৰিয়াত এডভান্টেজ আছাম ২.০ৰ ৰোড শ্ব’ৰ বাবে কৰা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বানপো হানগাং নদী উদ্যানলৈ যায়। সামাজিক মাধ্যমত এই বিষয়ে অৱগত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে হানগাং নদীৰ পাৰত অৱস্থিত পৰিসেৱা চিউলবাসীৰ বিনোদনৰ বাবে এক পৰিকল্পিত দ্বীপ। গুৱাহাটীৰ ৰিভাৰফ্ৰণ্ট প্রকল্পও এই একেই চিন্তা-দর্শনেৰে নির্মীয়মাণ অৱস্থাত আছে আৰু শীঘ্রেই জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব। জানিব পৰা মতে, দক্ষিণ কোৰিয়াত তিনি দিন বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভান্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰিব। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা জাপানলৈ উৰা মাৰিব।