এডভান্টেজ আছাম ২.০ৰ বাবে আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা জাৰি 

এডভান্টেজ আছাম ২.০ৰ বাবে আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা জাৰি 

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰ আৰক্ষীয়ে ‘ঝুমোইৰ বিনন্দিনী’ আৰু এডভান্টেজ আছাম ২.০ ৰ প্ৰতি লক্ষ্য় ৰাখি ২৪,২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে।  এই সন্দৰ্ভত জাৰি কৰা জাননীত মহানগৰ প্ৰশাসনে কয় যে, ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছামৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ যান-বাহন নিৰ্দেশনা জাৰি কৰা হৈছে। সৰুসজাই ষ্টেডিয়াম আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ সময়ত শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে পথ সুবিধাজনক কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।জাননীত উল্লেখ কৰা অনুসৰি এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী বা জৰুৰীকালীন সেৱাৰ বাহনৰ বাবে কোনো বাধা নাই। যান-বাহন আৰক্ষীৰ মতে, প্ৰতিটো স্থানৰ বাবে নিৰ্দিষ্ট প্ৰৱেশ নিৰ্দেশনা জাৰি কৰা হৈছে। সৰুসজাই ক্ৰীড়া কমপ্লেক্সৰ বাবে GOLD Vehicle Pass থকা দৰ্শকে গেট নং ১ বি ৰ মাজেৰে প্ৰৱেশ কৰিব, আনহাতে DROP-OFF Vehicle Pass থকা সকলে ঘূৰণীয়া চক্ৰৰ কাষেৰে ভিতৰলৈ নামিব। GREEN Vehicle Pass থকা অত্যাৱশ্যকীয় সেৱা বাহনসমূহো গেট নং ১ বিৰে প্ৰৱেশ কৰিব।খানাপাৰা পশু চিকিৎসা খেলপথাৰ কমপ্লেক্সত SAFFRON (Pentagon) Pass থকা বাহনসমূহ সভাস্থলীৰ ভিতৰত নামিব, আনহাতে SAFFRON (Triangle) আৰু GOLD পাছ থকা বাহনসমূহ গেট নং ৬ত নামিব। SILVER, BRONZE, BLUE, আৰু GREEN পাছ থকা বাহনসমূহ গেট নং ৭ৰ সন্মুখত নামিব।