এডভাণ্টেজ আছাম ২.০ক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

এডভাণ্টেজ আছাম ২.০ক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখনৰ সন্দৰ্ভত জনতা ভৱনস্থিত লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মেলখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ২৫ ফেব্ৰুৱাৰীৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখনৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ, ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকিব। অসমৰ দুই উদ্যোগপতি অভিজিৎ বৰুৱা আৰু অনুপম ডেকায়ো ভাষণ প্রদান কৰিব। সেইদৰে সেউজ বৈমানিক ইন্ধন, সৌৰশক্তি উৎপাদন কৰা অনিল চালেমি শেঠী, এছআৰৰ মুখ্য কার্যবাহী বিষয়া প্রশান্ত ৰুয়া, সজ্জল জিন্দাল, বেদান্ত গ্ৰুপৰ অনিল আগৰৱালা, গৌতম আদানি, মুকেশ ধীৰুভাই আম্বানি, নটৰাজন চন্দ্ৰশেখৰেও ভাষণ দিব। তেওঁলোকৰ বক্তব্যৰ পাছতেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্রদান কৰিব। ইয়াৰ পাছতে হ’বলগীয়া আই ৱে টু বিকশিত অসম ছেমিনাৰখনত কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সম্বোধন কৰিব। এই সন্মিলনত টেলিকম খণ্ডৰ মুৰব্বীসকল উপস্থিত থাকিব। এক্ট-ইষ্ট-এক্ট ফাষ্ট(Act East, Act Fast) সন্মিলনখনত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে সম্বোধন কৰিব। ছেমিকণ্ডাক্টৰৰ ওপৰত হ’বলগীয়া ছেমিনাৰখনত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সম্বোধন কৰিব। হাইড্ৰ’ কাৰ্বনৰ ওপৰত হ’বলগীয়া ছেমিনাৰখনত কেন্দ্ৰীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে বক্তব্য দিব। পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে ভিডিঅ’যোগে বার্তা দিব। আভ্যন্তৰীণ জলপৰিবহণৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে বক্তব্য দিব। ৰপ্তানি সম্পৰ্কীয় ছেমিনাৰখনত কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলে নেতৃত্ব দিব। সেইদৰে ভূটান আৰু ভাৰতৰ সহযোগিতাৰ ওপৰত হ’বলগীয়া ছেমিনাৰখনৰ ভূটানৰ কৃষিমন্ত্ৰীৰ নেতৃত্বত ১২জনীয়া ভূটানৰ উচ্চস্তৰীয় প্রতিনিধি দলে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া সৰুসজাই ক্রীড়া প্রকল্পত হ’বলগীয়া ঝুমুইৰ বিনন্দীয়া কার্যসূচীত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পোনে পোনে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ গৈ তাত আয়োজন কৰা এডভান্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীলৈ আহিব আৰু ৪০ৰ পৰা ৪৫ মিনিট সময় প্রদর্শনীত কটাব। অসমৰ গৌৰৱ আৰু অসমৰ ভৱিষ্যতক লৈ দুটা প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে। অসমৰ গৌৰৱ প্ৰদৰ্শনস্থলীত ৰাজ্যখনৰ মুগা, বাঁহকে ধৰি অসমৰ উৎপাদিত সামগ্রীসমূহ প্রদর্শন কৰা হ’ব। অসমৰ ভবিষ্যৎ শীর্ষক প্রদর্শনীস্থলীৰ নুমলীগড় ৰিফাইনেৰী, ছেমিকণ্ডাক্টৰ উদ্যোগ, নামৰূপৰ সাৰ কাৰখানা, গুৱাহাটী বিমানবন্দৰ আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। সংবাদ মেলখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে এই বিনিয়োগ  সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ৫০ ৰাষ্ট্ৰদূতকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল এটা অহা ২৩ ফেব্ৰুৱাৰীতে অসমত আহি উপস্থিত হ’ব। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ নেতৃত্বত আহিবলগীয়া এই উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটো ২৩ ফেব্ৰুৱাৰীত কাজিৰঙাত উপস্থিত হ’ব। ২৪ ফেব্ৰুৱাৰীত তেওঁলোক গুৱাহাটীত উপস্থিত হৈ ঝুমুইৰ বিনন্দীয়া কাৰ্যসূচী উপভোগ কৰিব আৰু ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০৩ অংশগ্ৰহণ কৰি সেইদিনাই নিশাৰ ভাগত নতুন দিল্লীলৈ উভতি যাব। আনহাতে ২৬ ফেব্ৰুৱাৰীৰ সামৰণী অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰিব। তেওঁ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগ, নুমলীগড় ৰিফাইনেৰীত বাঁহৰ পৰা ইন্ধন প্ৰস্তুত কৰাকে ধৰি বিত্তীয় খণ্ডৰ ওপৰত বক্তব্য দিব। তদুপৰি এই সন্মিলনত থিমেটিক ছেছনো অনুষ্ঠিত হ’ব। এই থিমেটিক ছেছনত অংশীদাৰসকলৰ লগতে ৫০ শতাংশ ছাত্র-ছাত্ৰীক জড়িত কৰা হ’ব। আইআইটি, আইআইআইটি,ষ্টার্টআপ, উদ্যোগীসকলক জড়িত কৰা হ’ব। কৃষি, পশুপালন আদি খণ্ডৰ ওপৰত থিমেটিক ছেছন অনুষ্ঠিত হ’ব। কোন কোন খণ্ডত অসমত ভৱিষ্যতে উদ্যোগ হ’ব পাৰে, সেই সম্পৰ্কত আলোচনা হ’ব। স্বাস্থ্যখণ্ড, শিক্ষাখণ্ডৰ বাবেও ছেমিনাৰ অনুষ্ঠিত হ’ব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে এতিয়ালৈ ১৮,৫৭৫জনে পঞ্জীয়নৰ বাবে আবেদন কৰিছে আৰু ইয়াৰে ১৫ হাজাৰজনৰ পঞ্জীয়ন অনুমোদন কৰা হৈছে।বৰ্তমানলৈকে ১,৫১২খন MoU আবেদন আহিছে। অসমৰ ক্ষুদ্ৰ উদ্যোগীৰ ১২,০০০ কোটি টকাৰ MoU আবেদন আহিছে। ১,৫১৭খন ৰাজ্যৰ বাহিৰৰ পৰা MoU আহিছে।’ তেওঁ কয়, ‘২৩ ফেব্ৰুৱাৰীৰ কেবিনেটত সিদ্ধান্ত লোৱা হ’ব MoU সন্দৰ্ভত। ২৭ ,২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত সাধাৰণ ৰাইজে চাব পাৰিব প্ৰদৰ্শনী।’ মুখ্যমন্ত্রী ড° শর্মাই কয় যে ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু জাপানৰ উচ্চ পৰ্যায়ৰ প্রতিনিধি দল এটা লৈ এই সন্মিলনত উপস্থিত থাকিব। মালয়েছিয়ায়ো বৃহৎ ব্যৱসায়ীৰ দল লৈ এই সন্মিলনত অংশগ্ৰহণৰ সম্ভাৱনা আছে।  মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, এই সন্মিলনত এক লাখ কোটি টকাতকৈও অধিক বিনিয়োগ হ’ব বুলি আশা কৰা হৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিনিয়োগ সন্মিলনখন সফল কৰাৰ বাবে সর্বতোপ্রকাৰে চেষ্টা আৰু সহযোগিতা অব্যাহত ৰাখিছে।