এটি সোণালী যুগ শেষ হ’ল
এটি সোণালী যুগৰ অৱসান ঘটিল,
চাৰিওফালে যেন শোকৰ ছায়া বিয়পিল।
এটি বিশেষ ৰত্ন হেৰাই গ’ল,
এটি সোণালী যুগ শেষ হ’ল।
এজন মহান শিল্পী গ’ল হেৰাই,
মৰমৰ নিপু দা আৰু যেন নাই।
তেওঁ এতিয়া থাকিব চিৰনিদ্ৰাত,
আজিৰ পৰা তেওঁৰ নুশুনিম আৰু মাত।
কবলৈ মন যায় তেওঁক হিয়া ভুকুৱাই!
কিয় তুমি গ’লাগৈ আমাৰ মাজৰ পৰা হেৰাই!
তেওঁ যেন গ’লগৈ সকলোকে কন্দোৱাই,
মৰমৰ নিপু দা আজিৰ পৰা নাই।
তোমাৰ সকলো ছবি অতুলনীয়,
তুমি শিল্পীয়েই মহান আৰু স্মৰণীয় ।
কেনেকৈ বাৰু তোমাক পাহৰি যাম,
আৰু জানো তোমাৰ দৰে এটি ৰত্ন পাম।
অসমীয়া ছবি জগতত কত দিলা অৱদান,
এই যুগৰেই যেন আজি ঘটিল অৱসান।
মহীৰূহ তুমি অসমীয়া ছবি জগতৰ,
মৰমৰ নিপু দা তুমি সকলোৰে হৃদয়ৰ।
হ’লাগৈ তুমি আকাশৰ এটি তৰা,
জিলিকি থাকিবা তুমি তাৰ পৰা।
অজান দেশলৈ তুমি কৰিলা গতি,
নিপু দা! তোমাৰ আত্মাই পাওঁক চিৰশান্তি।
মনত পৰিব নিপু দা! তোমাৰ প্ৰতিটো কথা,
য’তেই আছা তুমি শান্তিত থাকা।
আশীৰ্বাদ কৰিবা তুমি আকাশৰ পৰা,
য’তেই আছা তুমি শান্তিত থাকা।
তোমাক মই জনালোঁ শ্ৰদ্ধাঞ্জলি,
নিশাৰ তৰা হৈ থাকা জিলিকি ।
(বি:দ্ৰ: শ্ৰদ্ধাৰ নিপন গোস্বামী দেৱলৈ শ্রদ্ধাঞ্জলি জনাই কবিতাটো লিখিলোঁ)
-নিতিষ্মান দাস, অষ্টম শ্ৰেণী