এটি সূৰ্যৰ দৰেই – বন্দনা চৌধুৰী

Pc Hindustan Times

এটি সূৰ্যৰ দৰেই

বন্দনা চৌধুৰী,নতুন দিল্লী 

তেওঁ এজন স্ৰষ্টা
তেওঁ এজন শিল্পী
মানৱ প্ৰেমেৰে পৰিপুষ্ট
প্ৰতিজন অনুৰাগীৰ
হৃদয়ত বাস কৰে
এক নতুন আশা হৈ
প্ৰতিজন ৰোগী কিম্বা
ছাত্ৰ-ছাত্ৰীৰ মাজত
সাহস হৈ থিয় দি
মহানুভৱতাৰ পৰিচয় দিয়ে
একমাত্ৰ তেওঁৱেই
প্ৰকৃতি প্ৰেমীও তেওঁ
শাসকৰ অত্যাচাৰ, উৎপীড়ন
আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে
জনতাৰ লগত ৰাজপথলৈ
ওলাই আহি প্ৰতিবাদ কৰে
একমাত্ৰ তেওঁৱেই
অসমৰ জ্বলন্ত সমস্যা
গানৰ মাজেদি তুলি ধৰি
এক শক্তিশালী কণ্ঠস্বৰ
কেৱল তেওঁৰেই হয়
জাতিটোৰ প্ৰতি আৱেগ
অনুৰণিত হয় তেওঁৰেই কণ্ঠত
জুবিন মানেই এক প্ৰতিবাদী কণ্ঠ
এই কণ্ঠ সকলোৰে হৃদয়ত
এটি সূৰ্যৰ পোহৰৰ দৰেই
প্ৰকাশিত হৈ ৰওঁক
নতুন নতুন আশাৰ সন্ধানত
প্ৰতি গৰাকী অসমীয়াৰ হৃদয়ত—