এটি যুগৰ অৱসান ঘটিল
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
মৃত্যু এক চিৰন্তন সত্য।সত্যটো মানি ল’বলৈ কষ্ট হৈছে যদিও আমি মানি লবই লাগিব।সকলোৰে হিয়াৰ আমঠু অসমৰ হাৰ্টথ্ৰব জুবিন দা আৰু আমাৰ মাজত নাই।চিৰ জীৱনৰ বাবে গুচি গ’ল।বাতৰিটো শুনা পায় বিশ্বাস কৰিবলৈ টান হৈছিল।স্তব্ধ হৈ পৰিছিলোঁ।চৌদিশ ধূসৰ হৈ পৰিছিল।বুকুখন বিষাই গৈছিল।মাথোঁ প্ৰাৰ্থনা কৰিছিলোঁ,ঘটনাটো মিছা হওক।অলপ সময় ৰৈ বাতৰি বোৰ চায় জানিব পাৰিলোঁ ঘটনাটো সঁচা।বুজাব নোৱাৰা এক শিহৰণকাৰী ঘটনা।সমগ্ৰ অসমখনে যেন স্তব্ধ হৈ পৰিছিল।
জুবিন দা’ৰ খবৰ পোৱাৰে পৰা চাৰিওফালৰ পৰিৱেশ নিৰ্জন হৈ পৰিছে।জুবিন দা,এজন শিল্পীয়ে নহয় এক সত্তা।জুবিন দাই যি অৱদান আগবঢ়াই গৈছে,সেয়া আমাৰ সিৰে-সিৰে বৈ থাকিব।জুবিন দা আমাৰ প্ৰাণত,হৃদয়ত সদায় থাকিব।জুবিন দা’ৰ কোনটো গান শুনা নাছিলোঁ।প্ৰতিটো গানৰ মাজতেই নতুন আভাস পাইছিলোঁ।যাত্ৰা কৰাৰ সময়ত,অকলে নিজানত থকাৰ পৰত,ৰাতি যেতিয়া টোপনি নাহে,কোন সময়ত জুবিন দাৰ গান শুনা নাছিলোঁ।যেতিয়াই মন যায় তেতিয়াই শুনিছিলোঁ।আপুনি আমাৰ মাজৰ পৰা কায়িকভাবেহে নোহোৱা হৈছে,আপোনাৰ সত্তা সদায় আমাৰ মাজত থাকিব।
এটি যুগৰ অৱসান ঘটিল।বহুমুখী প্ৰতিভাৰ গৰাকী সহজ-সৰল মনোভাৱৰ ব্যক্তিজন সাগৰৰ বুকুতে বিলীন হৈ গ’ল।কোনোদিন ঘূৰি নহাৰ বাটেৰে গুচি গ’ল।আপোনাক হেৰুওৱাই আজি সকলোৱে শোকত মৰ্মাহত হৈছে।আপুনি নোহোৱা হ’ব নোৱাৰে আপুনি ধ্ৰৱতৰা হৈ জিলিকি থাকিব।আপুনি য’তেই আছে কুশলে থাকক।