এটি ভোটা তৰা
হৈম্য অধিকাৰী
তুমি সচাকৈ অতুলনীয়। তুমি অনন্য , তুমি উন্মাদ, তুমি অনাবিল, তুমি যেন আনন্দৰ এক উৎস। তুমি……তুমি এটি ভোটা তৰা।
কিন্তু ক’ত গল আজি তোমাৰ উন্মাদনা? ক’ত হেৰাল তোমাৰ নিৰ্ভীকতা ভৰা ভাষ্য? আজি ক’ত লুকাল তোমাৰ সেয়া উদ্দাম কণ্ঠ? যাৰ সুৰে প্ৰতিজন অসমীয়াৰ প্ৰাণত ঢালি দিয়ে আকুলতা।
তোমাৰ অনুপষ্ঠীতিত আজি যেন সকলো নিতাল নিমাত, নিঃশব্দ। আছে মাথো বিষাদ আৰু বেদনা। এতিয়া দেখো কেউ ফালে কেৱল তোমাৰেই বৰ্ণনা, তোমাৰেই সোৱৰণী।
তুমি বিহীন আমি বোৰ যেন আজি ভাগৰুৱা, নিঠৰুৱা, নিৰুপাই। আনফালে তোমাৰ গানৰ প্ৰতিটো শব্দই যেন খুলি খুলি খায়।
“য’তেই আছা সুখত থাকা।”
কিন্তু আমিবোৰ যে বৰ কষ্টত আছো।
তোমাৰ অবিহনে সকলোবোৰ যেন আজি ষ্টদ্ধ । অ…. এতিয়া আমি সকলো একো একোজন দিনকনা ।
তোমাৰ প্ৰতিটো গানক আজি আমি সোৱৰিছো। তোমাৰ প্ৰতিটো নুবুজা গীতৰ অৰ্থও যেন এতিয়াহে বুজিব পাৰিছো।
“মায়াবিনী” আজি হ’ল প্ৰাৰ্থনা।
বৰ্তমান তুমি নোহোৱাৰ বাতৰি এতিয়া সকলোৰে শীৰে শীৰে এক নুবুজা সাথৰ।
তুমি বিহীন এইখন অসম আমাৰ সকলোৰে কাৰণে যে আছিল কল্পনাৰো অগছৰ। ভীৰৰ মাজটো যেন সহিব নোৱাৰা এক নিৰ্জনতাই দিনে নিশাই সকলোকে খেদি ফুৰিছে।
এতিয়া প্ৰতিটো উৎসৱেই উৎসৱ নহয় যেন এক সহিব নোৱাৰা যন্ত্ৰনাৰ চটফটনি হে। নিষ্পাপ চৰাই চিৰিকটি, জীৱ জন্তু বোৰো যেন আজি গৃহ হাৰা হ’ল।
আকৌ এবাৰ কও শুনা য’তেই আছা কুশলে থাকা, পাৰিলে আকৌ এবাৰ এৰি যোৱা বাটে উভতি আহিবা। কাৰণ তুমিয়েই আমাৰ মৰমৰ উজ্বল আাৰু আশাৰ “ভোটা তৰা”।
#জয়জুবিনদা #Justicefor ZubeenGarg
