এটি বর্ণিল যুগ শেষ হ’ল
চিত্রকলা জগতত আজি শোকৰ ছায়া,
নীল দা আৰু নাই আজিৰে পৰা।
এটি এটিকৈ ৰত্ন হেৰাই গৈ আছে,
সকলো যেন ৰিক্ত হৈ পৰিছে।
হৃদয়ত কিমান যেন কান্দোন উঠে,
স্মৃতিবোৰে বৰ আমনি কৰি থাকে ।
প্ৰিয় মোৰ চিত্ৰকলা জগত,
নীল দা তোমাক সদায়ে পৰিব মনত।
বৰ্ণিল যুগৰ তুমি জন্ম দাতা,
ৰঙীন কৰি দিলা ইহ ধৰা ।
চিত্রকলা জগতত কত দিলা অৱদান,
এই বৰ্ণিল যুগৰ আজি ঘটিল অৱসান।
তোমাৰ হাতৰ পৰশত চিত্ৰই প্ৰাণ পাই,
চিত্ৰকলাৰ মহীৰূহ, আজিৰ পৰা নাই।
দীপালি বাৰ ওচৰলৈ কৰিলা গতি,
আকাশী তৰা হৈ থাকিবা জিলিকি।
বসুন্ধৰা যেন শূন্য আজিৰ পৰা,
মনত পৰিব তোমাৰ সকলো কথা।
নিতৌ ফুলৰ সৈতে কথা পাতিছিলা,
প্রকৃতিক যেন তুমি আকৰ্ষিত কৰিছিলা।
তুমি যেন আজিৰ পৰা চিৰনিদ্ৰাত,
বসুন্ধৰাত নাই আজিৰ পৰা তোমাৰ মাত।
তোমাৰ চিত্ৰবোৰ কৰি ৰাখিম সংৰক্ষণ,
তোমাক আমি কৰি থাকিম স্মৰণ।
কৰি থাকিবা আশীৰ্বাদ আকাশৰ পৰা,
তুমি আকাশত জিলিকি থাকা।
-নিতিষ্মান দাস
অষ্টম শ্রেণী