এটি নোদোকা আবেলি
ৰুমী কলিতা দত্ত,
কেন্দুগুৰি, ডিব্ৰুগড়
এটা বিষময় দিন
আৰু এটা যন্ত্ৰনাময় ৰাতি
তাৰ বাহিৰে পাইছোঁনো বাৰু কি ?
আশাবোৰ সজাই থওঁ
হেঁপাহবোৰ লুকুৱাই ৰাখোঁ বুকুৰ মাজত
শিকলিডালে মেৰিয়াই মেৰিয়াই বান্ধে
মোৰ আলফুলীয়া মনটোক ।
দাসত্বৰ কঠোৰ বান্ধৰ পৰা
চিঙি যাব খুজোঁ মুক্ত পক্ষী হৈ ।
কঠোৱা হিয়াৰ মাজত
মৰমবোৰ বিচাৰি ল’ব খুজোঁতেই শিলৰ দৰে হয়,
নোপোৱাব ৰাতিটো দীঘল হৈ গৈ থাকে
তথাপি জীয়াই থকাৰ বাসনা জাগে ।
তথাপি…প্ৰতিদিনেই হ’ব খুজোঁ হিয়াৰ লগৰী
বুকুৰ কোণোবা কোণত খুপনি পুতি
ৰচিৰ খুজোঁ হাজাৰাটা কবিতা ।
তুমি সুদূৰৰ বাঁহীৰ সুৰ,
মই ডেউকা ভগা পক্ষী
তোমাৰ মৰমবোৰ লিৰিকি বিদাৰি কটাম
কোনোবাদিনা নোদোকা আবেলি,
সপোনবোৰে খেলিব
এটি নোদোকা আবেলিত
গোলাপৰ পাপৰি সিঁচি সিঁচি ।