এটি গীত হেৰাই গ’ল-নিতিষ্মান দাস

pc. news nation

এটি গীত হেৰাই গ’ল

এটি গীত হেৰাই গ’ল, এটি গীত নোহোৱা হ’ল,
যি গীতটিৰ আনন্দৰ সৈতে, কেতিয়াবা নয়ন হৈ পৰে সজল।
সেই গীতটিত ভাৰতীয়লোকৰ উশাহ থাকে,
যি গীতটিত চিৰসেউজীয়া সুবাস থাকে,
যি গীতটিত সকলোৰে প্ৰাণ থাকে,
যি গীতটিৰ ভাৰতীয়ৰ মাত থাকে,
যি গীতটিত মৰমৰ এটি সুৰ থাকে,
আৰু চিৰযুগমীয়া গীতৰ নামত থাকে।
বিনাপাণি ধৰালৈ যেন অৱতাৰ লৈছে,
কুকিল কণ্ঠী মাৰাঠী পৰিয়ালত জন্মিছে।
হেমা নামে প্রথমে পৰিয়াল পৰিচিত,
লতা নামেৰে পৃথিৱীত জনাজাত।
সুৰ এনে লাগে যেন এখনি বৈ থকা নৈ,
নিজৰ সুৰীয়া মাতেৰে সক্ষম হল আকাশ চুবলৈ।
এওঁৰ দুখৰ গান শুনি সকলোৰে চকুত পানী,
এওঁৰ সুখী গানত হয় সকলো সুখী।
বিভিন্ন ভাষাৰ গীত গায় তেওঁ সকলোৰে প্ৰিয় হলে,
এনেকৈ আগ বাঢ়ি তেওঁ জগত জিনিলে।
কিছু লোকৰ বাবে এওঁ মহান গায়িকাৰ স্বৰূপ,
কিছু লোকৰ বাবে এওঁ দেৱী সৰস্বতীৰ ৰূপ।
পদ্ম ভূষণ নে ভাৰত ৰত্ন পুৰস্কাৰ,
ইয়াতকৈয়ো অধিক পুৰস্কাৰৰ আছে অধিকাৰ।
হে! মহান শিল্পী কেনেকৈ তোমাক উভতি পাম?
উভতি আহিলে গাবানে এনে সুৰীয়া গান?
তোমাৰ গীততেই আছে সকলোৰে প্ৰাণ,
কাৰণ তুমি শিল্পীয়েই সচাকৈ হয় মহান।
চকুলো বোৱাই তোমাক শ্ৰদ্ধাৰে সুৱৰিছোঁ,
তোমাৰ আশীৰ্বাদ নেপালেওঁ, শত কৌটি প্রণাম জনালোঁ।

-নিতিষ্মান দাস

সপ্তম শ্রেণী