এটি উজাগৰি নিশাৰ কথা
নিদ্ৰা বিহীন দোভাগ ৰাতি
সপোনৰ সেউজীয়া পথাৰ
টোপনীৰ প্ৰেমত লালকাল
বজ্ৰপাতৰ দৰে এটি ভয়ংকৰ শব্দই
বৰ বিৰক্ত কৰিছিল সেই নিশা !
সপোনৰ সেউজীয়া পথাৰ
সাৰ পাই চিঞৰি উঠিছিল
বিষাদৰ উষ্ণতাত মৰি যাব ধৰিছে …..!
নীলা আকাশখনে বেদনাত
দুখৰ চকুলো
সৰাপাতৰ দৰে
এটোপ এটোপ কৈ নিগৰিছে !
মায়াসনা চকুলোৰ পৰশ পাই
মৰহি যোৱা সেউজীয়া পথাৰ
জীপাল হৈ উঠিছে
আকাখনৰ প্ৰেমত এতিয়া
সেউজীয়া পথাৰ মচগুল ….. !