এটি অজুহাত পালেই
আয়নাল হক, ধুবুৰী
তোমাক পোহৰাই ৰাখিবলৈকে
মম হৈ গলি যাব পাৰোঁ মই
এটি অজুহাত পালেই
বৈ যাম তোমাৰ হৃদয়লৈ…!
তোমাৰ দুচকুতে পঢ়িলোঁ
প্ৰেমৰ অমৃত মন্ত্ৰ
তোমাৰ স্নেহৰ মূৰ্ত প্ৰকাশত বুজিলোঁ জীৱনৰ সুবাসী অৰ্থ।
নিঃসঙ্গতাৰ ভাষা
এতিয়া মোৰ বাবে দুৰ্বোধ্য
চুই চাব পাৰোঁ নীলিম আকাশৰ বিশালতা
জুমি চাব পাৰোঁ সগৰ্ভা সাগৰৰ গভীৰতা
তোমাৰ অনুভৱতে সংপৃক্ত হৈ
মই যাব পাৰোঁ বেবিলন বাগলৈ
এপাহ ৰক্ত গোলাপ তোমাক উপহাৰ দিবলৈ…
লাগে মাথোঁ এটি অজুহাত
তোমাৰ ওঁঠত হাঁহি বিৰিঙাবলৈ…।