এটা স্বাক্ষৰ দেশৰ বাবে.. জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) আৰু ৰাষ্ট্ৰৰক্ষা ৰেলী

এটা স্বাক্ষৰ দেশৰ বাবে.. জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) আৰু ৰাষ্ট্ৰৰক্ষা ৰেলী      
ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ দেশৰ প্ৰায় পচিশ খন ৰাজ্যৰ পৰা অহা জনসংখ্যা সমধান ফাউণ্ডেশ্যন (JSF) ৰ হাজাৰ হাজাৰ কৰ্মীয়ে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সমৰ্থনত যোৱা এবছৰ ধৰি সাধাৰণ জনগণৰ পৰা সংগ্ৰহ কৰা স্বাক্ষৰ পত্ৰসমূহ লৈ ২৮ অক্টোবৰ শণিবাৰৰ দিনাখনত দিল্লী-গাজিয়াবাদ সীমান্তত থকা জেএছএফৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ ওচৰৰ শিবিৰত উপস্থিত হয় । সন্ধিয়া সময়ত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ অধ্যক্ষতাত সমগ্ৰ দেশৰ পৰা একত্ৰিত হোৱা জেএছএফ কাৰ্য্যকৰ্তা সকলক সম্বোধিত কৰি ৰাষ্ট্ৰৰক্ষা ৰেলী আৰু প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ সম্বন্ধে এখন সভা অনুস্থিত হয় । পিছদিনাখন অৰ্থাৎ ২৯ অক্তোবৰ তাৰিখত দেওবাৰৰ দিনাখনৰ ৰাতিপুৱা ৮ বজাৰ পৰা  বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ৰাজস্থান, উৰিষ্যা, তামিলনাডু, অসম, ত্ৰিপুৰাকে ধৰি সমগ্ৰ দেশৰ জেএছএফ কৰ্মীসকলে এক ৰাষ্ট্ৰৰক্ষা ৰেলীৰ বাবে দিল্লি সীমান্তৰ গাজিয়াবাদস্থিত কেবিচি বেনকুৱেটৰ ওচৰত সমবেত হয় । ১১-৩০ বজাত সমগ্ৰ দেশৰ পৰা অহা জেএছএফ কৰ্মী সকলে সেই স্থানৰ পৰাই  দুই কিলোমিটাৰ জোৰা এক ৰাষ্ট্ৰৰক্ষা ৰেলী (পদযাত্ৰা) আৰম্ভ কৰাৰ পিছত গাজিপুৰ-দিল্লি সীমান্তত আৰক্ষীয়ে বাধা প্ৰদান কৰাত জেএছএফ কৰ্মীসকলে উক্ত স্থানতেই ধৰ্ণা কাৰ্য্যসূচী আৰম্ভ কৰে।  দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সমগ্ৰ দেশজুৰি সংগৃহিত হোৱা প্ৰায় পাচ কৌটি গণস্বাক্ষৰ সম্বলিত  পত্ৰসমূহ মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে গ্ৰহণ নকৰালৈকে গাজিপুৰ-দিলি সীমান্তত এই ধৰ্ণা কাৰ্য্যসূচী চলি থাকিব বুলি জেএছএফৰ কাৰ্য্যকৰ্তা সকলে জানিবলৈ দিয়ে । উক্ত কাৰ্য্যসূচীত এক বৃহৎ সংখ্যক JSF কৰ্মী যোগদান কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা দিল্লিলৈ ৰাওনা হয় । ৰাজ্যিক অধ্যক্ষ পঙ্কজ তালুকদাৰৰ নেতৃত্বত দিল্লিত উপস্থিত হোৱা শত সহস্ৰাধিক জেএছএফ কৰ্মীয়ে অসমৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ সুমধুৰ ধ্বনিৰে  ৰাষ্ট্ৰৰক্ষা ৰেলীত যোগদান কৰে। জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত অসম প্ৰদেশৰ পৰা সংগৃহিত প্ৰায় পাচ লাখ গণস্বাক্ষৰ এই কাৰ্য্যসূচীত প্ৰদান কৰিবলৈ অসম জেএছএফৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ সহিতে সংগঠণ সচিব মৃণাল গোস্বামী, উপাধ্যক্ষ ড° ৰঞ্জন কুমাৰ মেধী, মহাসচিব অনিৰ্বাণ গোস্বামী, পুলিন কাকতি, প্ৰিয়ংকু বৰুৱা আদি কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।