এটা ফোনকল – চিমী বৰুৱা

PcForbes

এটা ফোনকল 

চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী

আজি হঠাতে মোৰ ফোনটোলৈ এটা অচিনাকি নম্বৰৰ পৰা কল আহিল। মায়ে ফোনটো ধৰাৰ লগে লগে সিফালৰ পৰা কেৱল উচুপনি আৰু কান্দোনৰ শব্দ ভাহি আহিল। কিছু সময় তেনেদৰে পাৰ হোৱাৰ পিছত এগৰাকী মহিলাই কম্পিত কণ্ঠেৰে সুধিলে— “আপুনি ৰিমজিম হয়নে?”

মায়ে উত্তৰ দিলে— “মই ৰিমজিমৰ মাকে কৈছোঁ।”

তাৰ পিছত মহিলাগৰাকীয়ে যি ক’লে, সেয়া শুনি আমাৰ সকলোৰে বুকুখন কঁপি উঠিল। তেওঁ ক’লে, “আপোনাৰ ছোৱালীজনীৰ (ৰিমজিমৰ) এটা লেখা মই শেহতীয়াকৈ বাতৰি কাকতত পঢ়িবলৈ পালোঁ। শিৰোনামটো আছিল— ‘নিসংগতাই মানুহক যুঁজিবলৈ শিকায় নে ধ্বংস হ’বলৈ শিকায়’। সেই লেখাটি পঢ়ি মোৰ এনে লাগিল যেন সেয়া মোৰ নিজৰ জীৱনৰ হে কাহিনী।”

মহিলাগৰাকীয়ে উচুপি উচুপি নিজৰ দুখৰ কাহিনীটো ব্যক্ত কৰিলে। তেওঁৰ এটা সুখেৰে ভৰা পৰিয়াল আছিল। কিন্তু যিজন বনকৰা ল’ৰাক তেওঁলোকে সৰুৰে পৰা নিজৰ সন্তানৰ দৰে মৰম দি ডাঙৰ-দীঘল কৰিছিল, সেই ল’ৰাজনেই তেওঁৰ নিজৰ পুত্ৰক নিৰ্মমভাৱে হত্যা কৰালে। অকল সেয়াই নহয়, সেই একেসময়তে তেওঁৰ স্বামীও কামৰ বাবে লক্ষীমপুৰলৈ গৈছিল, যিজন মানুহ আজিও ঘৰলৈ ঘূৰি নাহিল। পুত্ৰৰ হত্যাৰ ন্যায় বিচাৰি তেওঁ ইখন দুৱাৰৰ পৰা সিখন দুৱাৰলৈ ঢপলিয়ালে, কিন্তু কতো ন্যায় নাপালে। স্বামীৰো কোনো শুংসুত্ৰ নাই। আজি তেওঁ চৰম নিসংগতা আৰু যন্ত্ৰণাৰ মাজত দিন কটাইছে।

এগৰাকী লেখিকা হিচাপে এই ঘটনাটোৱে মোক গভীৰভাৱে জোকাৰি গৈছে। যেতিয়া আমি কলম হাতত তুলি লওঁ, কেতিয়াবা কেতিয়াবা আমি কল্পনাৰ আশ্ৰয় লওঁ, কিন্তু আজি উপলব্ধি কৰিলোঁ যে বাস্তৱ জীৱনৰ যন্ত্ৰণা কল্পনাাতকৈও ভয়ংকৰ। মোৰ এটা সামান্য লেখাই কোনোবা অচিনাকি মানুহৰ অন্তৰৰ ক্ষতস্থানত আঘাত কৰিব পাৰে বা কাৰোবাৰ বাবে সেয়া নিজৰ জীৱনৰ প্ৰতিফলন হ’ব পাৰে, সেয়া মোৰ বাবে আছিল অভাবনীয়।

সেই দুৰ্ভগীয়া মাতৃগৰাকীৰ কান্দোনে মোক বুজাই দিলে যে নিসংগতা কেৱল শব্দ নহয়, ই এক যন্ত্ৰণাদায়ক সংগ্ৰাম। মোৰ লেখাৰ সেই প্ৰশ্নটো— “নিসংগতাই যুঁজিবলৈ শিকায় নে ধ্বংস কৰে?”— ইয়াৰ উত্তৰ যেন আজি মই সেই মহিলাগৰাকীৰ মাজত বিচাৰি পালোঁ। তেওঁ ধ্বংস হোৱা নাই, বৰঞ্চ নিজৰ বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে— স্বামীৰ অপেক্ষাত আৰু সন্তানৰ ন্যায়ৰ আশাত। এগৰাকী লেখিকা হিচাপে মই অনুভৱ কৰিছোঁ, মোৰ কলমৰ সাৰ্থকতা তেতিয়াই হ’ব যেতিয়া মই এনে আৰ্তজনৰ অব্যক্ত যন্ত্ৰণাবোৰক শব্দৰূপ দি সমাজৰ আগত দাঙি ধৰিব পাৰিম। তেওঁৰ এই কান্দোনে মোৰ দায়িত্ব আৰু দায়বদ্ধতা দুগুণে বৃদ্ধি কৰিলে।