এটা নষ্ট সন্ধিয়া – বিউটী হাজৰিকা

এটা নষ্ট সন্ধিয়া
 
বিউটী হাজৰিকা
    কলিয়াবৰ
 এটা নষ্ট সন্ধিয়া …
ৰাস্তাৰ দাঁতিৰ ক’লা আন্ধাৰ বোৰৰ
 মাজত আপোনাৰ আলংকাৰিক,
ভাৱ প্ৰকাশ কৰোঁতে আপুনি কৈছিল
মৰম নামৰ আদালতৰ খৰচৰ কথা,
প্ৰতিটো ক্ষণতে আপুনি পৰাজয়ৰ
কথা কথাকে সোঁৱৰাই দিছিল।
শেহান্তৰত মনৰ বিদ্ৰোহৰ বাবে
নতুন দিগন্তৰ সন্ধানত আগ্ৰহী হৈছিল,
আপুনি পুৰণিক স্মৃতি কৰাৰ শপত লৈছিল
হেৰাই গৈছিল লাহে লাহে
এলানি পথিকৰ মাজত অৰাজক
অৱস্থাই মোৰ ডায়েৰীৰ পৃষ্ঠাবোৰক
সাৰ পাবলৈ বাধ্য কৰাইছিল।
আপুনি নামেৰে হাজাৰ হাজাৰ নিবন্ধ
সৃষ্টি হ’ল কলমৰ ধাৰ অলকা হৈ নিগৰি,
থাকিল আজিলৈ ।
মাথোঁ জোনৰ পোহৰক অপ্ৰকাশ
কৰা এলান্ধুৰ দৰে মন গহ্বৰত
এটা নষ্ট সন্ধিয়া হৈ …
এটা নষ্ট সন্ধিয়া হৈ।