এটা নক্ষত্ৰ হেৰাই গ’ল  – আয়শা ছিদ্দিকা

জুবিন গাৰ্গক লৈ অশ্ৰুঅঞ্জলি

এটা নক্ষত্ৰ হেৰাই গ’ল 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

মানুহৰ জীৱনত কিছুমান সময় আহে যি সময়বোৰ পুৰণি ইতিহাসক ভাঙি দিয়ে আৰু নতুন ইতিহাসৰ পাত খোলে। অসমবাসীৰ বাবে ১৯ সেপ্টেম্বৰ, ২০২৫ তাৰিখটো তেনে এটা সময় হৈ পৰিল। কণ্ঠৰ যাদুৰে কোটি কোটি হৃদয় জয় কৰা শিল্পী, অসমবাসীৰ বুকুৰ স্পন্দন  জুবিন গাৰ্গৰ অকাল প্ৰস্থানৰে যেন এটা যুগৰ অন্ত ঘটিল।

জুবিন গাৰ্গ মাথোঁ এজন গায়ক নাছিল তেওঁ আছিল  প্ৰতিজন অসমীয়াৰ হৃদয়ৰ দীপ্ত শিখা, আশাৰ ৰেঙনী, নতুনত্বৰ সপোন আৰু নতুন প্ৰজন্মৰ মুখপত্র। শৈশৱৰ গানৰ পৰা যৌৱনৰ উন্মাদনা আৰু আকালৰ কান্দোন প্ৰতি অৱস্থাত তেওঁৰ সুৰে অসমবাসীৰ অন্তৰ স্পৰ্শ কৰিছিল। তেখেতৰ গীত এটা জীৱন্ত যুগৰ প্ৰতিচ্ছবি হৈ জিলিকি ৰ’ব চিৰদিনলৈ।

অসমবাসীৰ বাবে তেখেত এজন শিল্পী নহয় মাথোঁ জীৱনৰ একোটা  অংশ হিচাপে জ্ঞান কৰে। তেওঁ আছিল গাঁও ঘৰৰ ৰেডিঅ’ৰ পৰা চহৰীয়া মঞ্চলৈ ধ্বনিত হোৱা এক সজীৱ স্বত্তা। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ অসম শোকাস্তব্দ হৈ পৰিলে।সকলো হৃদয়ত একে বিষাদৰ বেদনাৰ ঢৌ তুলিছে। অসমৰ পৰা যেন এটা  গানৰ যুগ শেষ  হ’ল। অসমবাসীয়ে এটা নক্ষত্ৰ হেৰুৱালে। হেৰুৱালে এজন স্পষ্ট বাদি, কোমল মনৰ অধিকাৰী, সকলোকে সন্মুখত সমালোচনা কৰা এজন ব্যক্তিক।

তেখেতৰ বিয়োগৰ বাতিৰিয়ে গাঁও-চহৰৰ পথ,সামাজিক মাধ্যম, শিক্ষাপীঠৰ পৰা ৰাজনৈতিক মঞ্চলৈ,সৰ্বত্র একে শোকৰ ধ্বনি।বুকুখনত চিনচিনীয়া ব্যথা উপলব্ধ হৈ আছে যেন কোনোবাই কলিজাৰ এটা অংশ ছিঙি লৈছে। কিমান  কান্দিলেও উভতি নাহে এই বেদনাই অসমবাসীক একত্ৰিত কৰি শোকত মিলাই দিলে।যদিও জীৱনৰ যাত্ৰা থমকি গ’ল , মাত্ৰ দেহ হে ধূলিৰ মিলি যাব কিন্তু তেখেত আমাৰ হৃদয়ত জীয়াই থাকিব অমৰ হৈ চিৰদিন চিৰকালোলৈ।

জুবিন গাৰ্গৰ গানবোৰে যুগে যুগে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। তেওঁৰ কণ্ঠত ভৰা প্রেম, সাহস, বিদ্ৰোহ আৰু মৰম সদায় প্ৰতিধ্বনিত হ’ব।অসমবাসীৰ বাবে তেওঁ এক জীৱন্ত স্মৃতি, যি কালক্ৰমেও মলিন হ’ব নোৱাৰে। তেওঁ এট ধ্বনি, এটা অনুভৱ । সেই অনুভৱ সদায় অমৰ হৈ থাকিব।

অসমক বিশ্বমানচিত্ৰত লৈ যোৱা শিল্পী হিচাপে জুবিন গাৰ্গে অসমবাসীক দিছে গৰ্বৰ এক নতুন ৰূপ। অসমীয়া ভাষা, সংস্কৃতিত তেখেতৰ অৱদান অবিহনে অসম্পূৰ্ণ।বলিউডৰ পৰা টলিউডলৈ, দেশৰ পৰা বিদেশলৈ সকলোতে  তেখেতৰ সুৰৰ ঝংকাৰ বিদ্যমান।

জুবিন গাৰ্গ মাথোঁ এটা সাধাৰণ নাম  নহয় , নহয় মাথোঁ এজন সাধাৰণ মানুহ ই অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক। অসমীয়াৰ চকুৰ মণি সোণৰ টুকুৰা। এটা যুগৰ অন্ত হ’লেও এটা নতুন যুগৰ আৰম্ভণি জুবিন গাৰ্গৰ সুৰত সজীৱ হৈ থাকিব। তেওঁ যোৱা নাই ,তেওঁ  আছে গীতৰ প্ৰতিটো সুৰত, প্ৰতিটো হৃদয়ত।তেওঁৰ গানেই হ’ব আগন্তুক প্ৰজন্মৰ প্ৰেৰণা, সাহস আৰু স্বপ্নৰ পথদৰ্শী।

কিছুমান মৃত্যু মানি ল’ব নোৱাৰোঁ। যদিও মৃত্যু এক চিৰ সত্য। তথাপিও এই বাতৰি মনে নামানে। এনে লাগে খবৰটো মিছা হওক , উৰাবাতৰি হওক। কিন্তু বাস্তৱ যে বৰ কঠিন।তেখেতৰ বিয়োগত গোটেই বিশ্বই স্তব্ধ। এই বিয়োগ মাত্ৰ দেহৰ বিয়োগ অন্তৰৰ পৰা কেতিয়াও  বিয়োগ নহয়। তেখেতে গোৱাত দৰে এতিয়া ক’ব লাগে সঁচাই মৃত্যুও এতিয়া সহজ। হৃদয়ৰ সমস্ত মৰম ঢালি তেখেতলৈ অশ্ৰুঅঞ্জলি যাচিলোঁ। জুবিন দা য’তেই আছা ভালে থাকা।

“মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই,দুখী জনৰ মুখত হাঁহি বিৰিঙাৱ পাৰিলেই ঈশ্বৰ সেৱা কৰা হয়।” -জুবিন গাৰ্গ