এটা দুখৰ ৰাতি
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
আজিৰ ৰাতিটো প্ৰাণজিৎ মজুমদাৰৰ জীৱনত এটা দুখভৰা ৰাতি হৈ থাকিল। চাৰিওফালে নীৰৱতা, আকাশত তৰা জিলিকি থাকিলেও মনটোত পোহৰ নাছিল। নিদ্ৰা আহিব লাগিছিল যদিও চকু বন্ধ হ’বলৈ মন নগ’ল। দুখৰ ভাৱনাবোৰে যেন মনটো ভৰাই পেলাইছিল। এই ৰাতিত অতীতৰ বহু স্মৃতি আহি মনত ভিৰ কৰিলে। কিছুমান সুখৰ দিন, কিছুমান বিশ্বাস, কিছুমান আশা—সকলো যেন আজি দূৰৈত থিয় হৈ আছিল। যিবোৰ সপোনেৰে ভৰা আছিল, সেইবোৰ সময়ৰ সোঁতত ভাঙি পৰিল বুলি অনুভৱ হ’ল। মোবাইলটো হাতত লৈ বহি থাকিলোঁ বহু সময়। বহু মানুহৰ নাম মনত আহিল, কিন্তু কাকো মেছেজ কৰিব নোৱাৰিলোঁ। কাৰণ কিছুমান দুখৰ কথা সকলোকে কব নোৱাৰি, সেয়া নিজৰ মাজতেই লুকাই ৰাখিব লাগে। চকুত চকুপানী আহিল, মনটো বেছি উচুপি উঠিল। তথাপিও নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। সমাজত সকলো সময়তে হাঁহি থকা মানুহ হিচাপে থাকিবলৈ চেষ্টা কৰা মানুহৰো কেতিয়াবা এনেকুৱা দুখৰ ৰাতি আহে—য’ত কেৱল নিঃশব্দত দুখ অনুভৱ কৰিব লাগে। তথাপিও এই ৰাতিয়ে এটা শিক্ষা দি গ’ল। দুখ মানেই জীৱন শেষ নহয়। এই আন্ধাৰৰ পাছতেই নতুন পোহৰৰ বাট মুকলি হয়। হয়তো কালিৰ ৰাতিপুৱাই নতুন আশা লৈ আহিব।
এই দুখৰ ৰাতিয়ে মোক শিকালে—মানুহ শক্তিশালী হয় দুখৰ মাজতেই। যিমানেই কষ্ট হওক, আগবাঢ়ি যোৱাৰ সাহস ৰাখিলেই জীৱন আকৌ সজীৱ হৈ উঠে।
