এঞ্জেলছ ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অনুষ্ঠান উদযাপন
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কুমাৰপাৰাস্থিত এঞ্জেলছ ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ৩৩ সংখ্যক বাৰ্ষিক অনুষ্ঠান আৰু প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে আই টি এ মাছখোৱাত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষ দীপ্তি মেধিৰ পৌৰাহিত্যত আয়োজিত অনুষ্ঠানটোত বিশিষ্ট চিকিৎসক ডাঃ বীণা কুমাৰ, ছচিয়েল মিডিয়া ইনফ্লুয়েনচাৰ দিশা মলিক, কালিৰাম বৰুৱা ছোৱালী হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ কৃপাঞ্জলি কটকী, এঞ্জেলেছ ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক হীৰেন্দ্ৰ প্ৰসাদ মেধি তথা উপাধ্যক্ষ ঝৰনা কটকী উপস্থিত থাকে। অনুষ্ঠানটোত ডাঃ বীণা কুমাৰে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে শাৰিৰীক আৰু মনস্তাত্ত্বিক দিশত উৎকৰ্ষ সাধন কৰিবলৈ ল’বলগীয়া বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে। এজন ছাত্ৰক কেনেকৈ মানসিক চাপবিহীন কৰি ৰাখিব পাৰি সেই সন্দৰ্ভতো কুমাৰে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। বিয়লিৰ পৰা নিশালৈ অনুষ্ঠিত এঞ্জেলছ ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এই বাৰ্ষিক অনুষ্ঠান আৰু প্ৰতিষ্ঠা দিৱসত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু কলা প্ৰদৰ্শন কৰে।