এজাৰ ফুল
ৰাজলক্ষ্মী বৰঠাকুৰ
বৰষাৰ আগমনিৰ লগে লগে
নানা ৰঙীন ফুলবোৰে ৰঙৰ
পোহাৰ মেলি প্ৰকৃতিক
সজাই তুলে।
শাৰী শাৰীকৈ ফুলা এজাৰৰ
বেঙুনীয়া ৰঙবোৰে
প্ৰকৃতিক কৰি তুলে উন্মনা,
নানা ৰঙীন ৰঙবোৰৰ মাজতে
এজাৰৰ বেঙুনীয়া ৰঙবোৰেও
গুপুতে তুলে নীৰৱ গুণ গুণনি ।
প্ৰেমত মতলীয়া প্ৰেমিকে
প্ৰেয়সীৰ চকুত চকু থৈ
ল’ব বিচাৰে হেজাৰ
এজাৰ ফুলাৰ বতৰা ।
নীৰৱ মুহূত্তবোৰত মনৰ
নিভৃত কোনত এজাৰ ফুলে
জগাই তুলে বিষাদৰ বেদনা ।