এজাৰ ফুলৰ হাঁহি – মিতালি বৰঠাকুৰ

এজাৰ ফুলৰ হাঁহি

মিতালি বৰঠাকুৰ,মালিগাওঁ 

এজাৰ ফুলৰ হাঁহি বোৰ
যেতিয়া বেঙুনীয়া হৈ বৈ পৰে
তেতিয়াই ৰংবোৰ বুকুত কবিতা হৈ সৰে।
হাত দুখন আগবঢ়াই দিলো
তুমি দুহাত এৰি আঁতৰি গ’লা
এতিয়া এজাৰৰ বিষাদবোৰো
মোৰ ভাল লগা হ’ল।
য’ত তুমি নামৰ সেই বিশেষ সত্তাই
মোৰ বুকুত গোপনে ৰচি যায়
এজাৰ ফুলৰ দৰে বেঙুনীয়া ৰঙৰ
আলফুলীয়া কবিতা।