এজাৰবুলীয়া বেজাৰৰ খেলা
যুগান্ত দাস
ভৱানীপুৰ , বৰপেটা
এই যে আমাৰ মনটো ই এটা বৰ বিচিত্ৰ বস্তু । কেতিয়া কোন ফালে গতি কৰে টলকিবই নোৱাৰি । সৰু সৰু অজস্ৰ সুৰুঙা আছে যি সুৰুঙাৰ কোনোৱা এটাৰে হঠাৎ বনৰীয়া বতাহ এজাক সোমাই বছৰ বছৰ ধৰি দমাই ৰখা আশা , আকাংক্ষাক মুহূৰ্ততে জগাই তোলে । বাৰে বাৰে পাহৰি থাকোঁ বোলা কথাটোক প্ৰতি মুহূৰ্ততে সোঁৱৰাই দিয়ে । আমাৰ এই মনটো দেওলগা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । স্বামী , কন্যাৰে ভৰপূৰ সংসাৰ এখন থকাৰ পিছতো , সুখী বুলি ভবাৰ পিছতো , পূৰ্ণতা আৰু প্ৰাপ্তিৰ উচ্চ শিখৰত আৰোহণ কৰাৰ পিছতো হঠাৎ যে ক’ৰ পৰা শূন্যতাৰ ভাব সোমাই আহি মনত বহি লৈ নুঠা হয় ধৰিবই নোৱাৰি ।
আজি দুদিনমানৰ পৰা নীলাঞ্জলাই বৰ অস্থিৰতাৰে সময়বোৰ পাৰ কৰিছে । তাই কোনোদিনেই কল্পনা কৰা নাছিল এনেকুৱা হ’ব বুলি । অস্থিৰতা কি বস্তু বুজি নোপোৱা নীলাঞ্জনাজনীয়ে আজি মৰ্মে মৰ্মে অনুভৱ কৰিছে অস্থিৰতাৰ দংশন যিয়ে মনত হাজাৰ প্ৰশ্নৰ সৃষ্টি কৰি তাইক অশান্ত কৰি তুলিছে । বাৰে বাৰে তাই নিজক পতিয়ন নিয়াব খোজে তাই সুখী । তাইৰ জীৱনত ক’তো তিলমাত্ৰও অতৃপ্তি আৰু অপ্ৰাপ্তি নাই । নাই,তাই যিমানেই চেষ্টা নকৰক কিয় সফল কিন্তু হ’ব পৰা নাই । মনৰ ভিতৰলৈ তাই জুমি চায় সচাঁই বাৰু তাইৰ ভিতৰত ক’ৰবাত শূন্যতাই সাতামপুৰুষীয়া আৰামী চকীখনত ঠেং তুলি বহি আছে নেকি ?
কথাবোৰ তাই যিমানে ভাৱিব ধৰে সিমানেই অস্থিৰতা বাঢ়ি যায় । এনেকুৱা পৰিস্থিতিত তাই আগতে কেতিয়াও পৰা নাছিল । তাইৰ বাৰু নিজৰ ওপৰতে বিশ্বাস নোহোৱা হৈ আহিছে নেকি ? কি নাই তাইৰ , সকলোৱেইতো আছে । যদি সকলো আছেই তেনেহ’লে অতৃপ্তি , অপ্ৰাপ্তি , শূন্যতা আদি শব্দবোৰৰ লগত তাইৰ সম্পৰ্কই বা ক’ত ? তাই বাৰু সচাঁকৈয়ে অতৃপ্তিত ভুগিছে নেকি , অপ্ৰাপ্তি –! তাইৰ মনৰ ভিতৰত শূন্যতাৰ অৱস্থিতি আছে নেকি ? “উফ ভগৱান” — তাই নিজকে নিজে কৈ উঠে । কি হৈছে বাৰু তাইৰ , কিয় তাই এটা স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই ? কিয় তাই সুখী বুলি নিজক সৰ্বোতো প্ৰকাৰে পতিয়ন নিয়াব পৰা নাই ? অথচ দুদিন আগলৈকে তাই নিজকে সুখী বুলিয়েতো ভাৱি আহিছিল । তেনেহ’লে আজি কি হ’ল তাইৰ , কিয় নিজক পতিয়ন নিয়াব পৰা নাই । তাইৰ এনে লাগিছে যেন প্ৰচণ্ড মূৰৰ বিষত মূৰটো ফাটি চিৰাচিৰ হৈ যাব ।
স্বামী আৰু দুটা সন্তানেৰে সমৃদ্ধ তাইৰ সংসাৰ । দিনটো লৰা ঢপৰাৰ মাজেৰে পাৰ হৈ যায় । ৰাতিপুৱা পাঁচ বজাতে বিচনাৰ পৰা উঠি কামত ধৰে । স্বামীক অফিচলৈ আৰু সন্তান দুটিক স্কুললৈ পঠায় কাণে নাকে ভাত কেইটামান গুজি তাইও স্কুললৈ দৌৰে । ঘৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ নিলগত তাই কাম কৰা স্কুলখন । এগৰাকী ভাল শিক্ষয়ত্ৰী বুলি তাইৰ এটা নাম আছে । স্কুল , ঘৰৰ কাম , সন্তান আৰু স্বামীৰ আলপৈচান ধৰোতেই কেতিয়ানো সময়বোৰ পাৰ হৈ যায় তাই গমকে নাপায় । তাৰ মাজতে যি অলপ সময় ওলাই সেইখিনি সময়ত তাই নিজকে সাহিত্যচৰ্চাত ব্যস্ত ৰাখে । গতিকে নিজৰ বিষয়ে কিবা ভবাৰ তাই অৱকাশেই নাপায় । কি প্ৰাপ্তি , কি অপ্ৰাপ্তি তাই পৰিচয় হোৱাৰ সুযোগেই নাপায় ? নিজক জানিবলৈ হ’লে নিজৰ স’তে সময় কটাব লাগিব । ব্যস্ততাৰে ভৰা জীৱনত নীলাঞ্জনাৰ বাবে সেই সময়খিনিৰে অভাব । যি সময়ে তাইক তাইৰ স’তে পৰিচয় কৰাই দিব পাৰে । নিজৰ মনৰ স’তে একান্তই গোপন বাৰ্তালাপত নিমগ্ন হ’ব পাৰে ।
সাধাৰণ কথা এটাই এদিন এনেকৈ নীলাঞ্জনাক জোকাৰি যাব বুলি সপোনতো ভবা নাছিল তাই । পঞ্চাশটা বসন্ত গৰকা নীলাঞ্জনাই আজি সময়বোৰ অস্থিৰতাৰে পাৰ কৰিছে । এদিন তাই নিজৰ মনে বিচৰা মানুহজনৰ স’তে যুগ্ম জীৱনৰ পাতনি মেলিছিল । গিৰিয়েকে প্ৰতি মুহুৰ্ততে তাইক মৰমেৰে আবৰি ৰাখে । সময় আগবাঢ়ি যোৱাৰ লগে লগে নীলাঞ্জনা দুটি সন্তানৰ মাক হৈ এক নতুন পৰিচয়ৰ অধিকাৰিণী হৈ পৰিছিল । ব্যস্ততা বাঢ়ি গৈছিল । গিৰিয়েকো তাইক লৈ অত্যন্ত সুখী যেনেই তাই অনুভৱ কৰিছিল । তাইৰ প্ৰতিটো কামতে গিৰিয়েকে সঁহাৰি জনাই তাইক উৎসাহিত কৰে । সাহিত্যচৰ্চাতো গিৰিয়েকে তাইক উহসাহ দিয়ে । সামগ্ৰিক দৃষ্টিৰে ক’বলৈ গ’লে নীলাঞ্জনা বহুত সুখী আছিল । হঠাৎ তাইৰ মনক চুই যোৱা এজাক বতাহে তাইৰ মনটোত খেলি মেলি লগাই দিলে । এটাৰ পিছত এটা সিদ্ধান্তত উপনীত হৈছে নিজক পতিয়ন নিয়াবলৈ , কিন্ত বাৰে বাৰে ব্যৰ্থ হৈছে । তাইৰ মনৰ মাজত তীব্ৰ জোকাৰণি অনুভূত হৈছে । কিয় তাই আজি স্থিতপ্ৰজ্ঞ হৈ থাকিব পৰা নাই ।
নীলাঞ্জনাৰ নিজকে অচিনাকি অচিনাকি ভাব হ’ব ধৰিলে । ক’ৰ পৰা কি ভাববোৰ যে তাইৰ মনলৈ আহে । নিজৰ ওপৰতে প্ৰচণ্ড খং উঠিছিল তাইৰ । কেইদিননো হৈছে মানুহ জনৰ সৈতে চিনাকি হোৱা? তেনে মানুহ এজনৰ কথাই বাৰু তাইক এনেকৈ অস্থিৰ কৰি তুলিব লাগে নে ? মানুহজনৰ কথাবোৰে বাৰু তাইৰ মনৰ ভিতৰত আত্মগোপন কৰি থকা তাইজনীক জগাই দিলে নেকি ?
মানুহজনে তাইক সুধিছিল –আপুনি সুখী নে ?
তাই টপৰাই উত্তৰ দিছিল — অ’ ।
এয়াই আৰম্ভণি । তাৰপিছত মানুহজনে সুধি গৈছিল আৰু তাই উত্তৰ দি গৈছিল ।
– আপুনি সম্পূৰ্ণ সুখী নহয় ।
– আপুনি কেনেকৈ জানিলে ।
– আপোনাৰ চকুজুৰিয়ে কয় আপুনি কিছু পৰিমানে হ’লেও অতৃপ্তি আৰু অপ্ৰাপ্তি ভুগি আছে ।
– কোনো মানুহেই সম্পূৰ্ণ সুখী নহয় ।
– তাৰমানে আপুনি ক’ব খোজে আপুনিও শূন্যতাৰ স’তে পৰিচিত ।
– আজিলৈকে তেনেকৈ ভৱা নাই ।
– এতিয়া ভাৱক ।
– কি ভাৱিম ?
– আপোনাৰ জীৱনত শূণ্যতাৰ স্থান আছে নে নাই সেইটো ভাৱক ।
– কোনো মানুহেই নিজে বিচৰা ধৰণে পূৰ্ণ নহয় । শূন্যতা থাকিবই ।
– আপোনাৰ আছে নে নাই সেইটো কওক ।
– আছে । আপুনি মোৰ ইণ্টাৰভিউ লৈছে নেকি?
– নাই লোৱা । কিয় সুধিলে ?
– বাৰু সোধক আৰু কি সুধিব লগা আছে ।
– আপুনি শূন্যতাৰ স’তে সহবাস কৰে ।
– হ’ব পাৰে ।
– হ’ব পাৰে নহয় ,হয়েই।
– উপায় নাই ।
– জীৱনত বিচৰাখিনি পাবলৈ হ’লে সুৰুঙাৰে বাট বুলিব লাগিব ।
– অসম্ভৱ ।
– সকলো কথাই অসম্ভৱ । কিন্তু সময়ত সকলো অসম্ভৱেই সম্ভৱ হৈ উঠে । যেনেদৰে কেঁচুৱা এটাই খোজকঢ়াটো সম্ভৱ হৈ উঠে ঠিক তেনেদৰে সকলো অসম্ভৱ কথাই এদিন সম্ভৱ হৈ উঠে ।
বহুসময়লৈ নীলাঞ্জনাই একো উত্তৰ দিয়া নাছিল । মানুহজনৰ কথাবোৰে তাইক চিন্তিত কৰি তুলিলে ।মানুহজনে তাইক কি বুলি ভাৱে বন্ধু নে আন কিবা ?
বহু সময়ৰ মূৰত তাই ক’লে — আপুনি মোৰ বিষয়ে সকলো জানে ?
– নাই নাজানো ।
– তেনেহ’লে মই অপ্ৰাপ্তিত ভুগিছো বুলি কেনেকৈ ক’লে ।
– আপোনাৰ হাঁহিটোৱেই কয় ।
– বঢ়িয়া ।
– কি বঢ়িয়া ?
– আপুনি সকলো কথা অনুমানতে ধৰি নল”ব ।
– আংশিক হ’লেওটো সচাঁ ।
কওঁ নকওঁ কৈ তাই কৈছিল — হয় ।
– সুখী হ’বলৈ হ’লে , চৌপাশে বিয়পি থকা শূন্যতাবোৰ খেদি পঠিয়াবলৈ হ’লে জীৱনটো নিজে বিচৰা ধৰণে সজাব লাগিব ।
– আপুনি মোক কি সৰু ছোৱালী বুলি ভাবি আছে নেকি ? মই কাৰোবাৰ পত্নী , দুটা সন্তানৰ মাতৃ ।
– নাই ভৱা ।
– তেনেহ’লে ?
– একো তেনেহ’লে নাই । সেইবোৰ সাময়িক পৰিচয় । আচল কথাটো হ’ল আপুনি কি বিচাৰে সেইটোহে ?
– একো নিবিচাৰো । যিখিনি আছে সেইখিনিকলৈয়ে সুখী মই ।
– আকৌ এটা মিছা । হ’বয়ে নোৱাৰে । আপুনি সুখী বুলি ক’লেই মই মানি ল’ম নেকি ?
– হে ভগৱান !
– আপোনাক দেখিলেই গম পাই সকলো থাকিও আপুনি ৰিক্ত ।
– কৈছোৱেই দেখোন শূন্যতা নথকা নহয় আছে । কিন্তু যিখিনি পাইছো তাকে লৈ সুখী ।
– তেনেহ’লে আপুনি নিজক ফাঁকি দিয়াৰ বাহিৰে আন একোৱেই কৰা নাই ।
– জীৱনটোক এতিয়া নতুনকৈ জুখি চোৱাৰ সময় নাই ।
– মিছা কথা ।
– সঁচা ।
– আপুনিও বিচাৰে আপোনাৰ শূন্যতাবোৰৰ পৰা পলায়ন কৰিব । কিন্তু তাৰবাবে আপুনি চেষ্টা নকৰে ।
– আপুনি কি ক’ব বিচাৰিছে ?
– আপুনি বুজা নাই ।
– মই বুজা খিনি যদি সচাঁ তেনেহ’লে আপুনি ভুল কৰিছে ।
– সময়ে ক’ব ।
– কেতিয়াও সম্ভৱ নহয় ।
– সময়ে ক’ব । আৰু আপোনাক কৈছোৱেই দেখোন অসম্ভৱ বুলি একো নাই ।
– মই নিজক জানো ।
– মইও ।
– আপুনি আচৰিত মানুহ দেই ।
– মই আচৰিত মানুহ হয় নে নহয় সেইটো বাৰু পিছৰ কথা । কিন্তু আপুনিও কম আচৰিত মানুহ নহয় ।
– কেনেকৈ ?
– ইমান সময় আপুনি নিজক লুকুৱাবলৈয়ে চেষ্টা কৰি গ’ল ।
– নাই কৰা ।
– কৰিছে । বাৰু এটা কথা কওকচোন ?
– কি কথা ?
– আপুনি বাৰু ডাঠি ক’ব পাৰিব নেকি যে আপোনাৰ স্বামীয়ে অকল আপোনাকেই ভাল পায় , আপোনাৰ বাহিৰে আৰু কাকো ভাল নাপায় । মই কি ক’ব বিচাৰিছো আপুনি নিশ্চয় বুজি পাইছে । মিছা নক’ব কিন্তু ।
– নোৱাৰো । সকলোৰে ব্যক্তিগত বুলি কথা কিছুমান আছে ।
– এৰা সকলোৰে ব্যক্তিগত বুলি কথা কিছুমান আছে । আপোনাৰো আছে । যি আপোনাৰ আচল পৰিচয় । য’ত আপুনি সুখী নহয় ।
মানুহজনৰ লগত সেইদিনা নীলাঞ্জনাৰ বহু কথায়ে হৈছিল । মানুহজনে খুলি নক’লেও কি ক’ব বা বুজাব বিচাৰিছিল তাই ভালদৰেই বুজি পাইছিল । অবশ্যে তাত তাই আচৰিত হ’ব লগা একো নাছিল । মানুহজনৰ সকলো কথাই মিছা নাছিল । কিছু পৰিমানে হ’লেও সত্য আছিল কথাবোৰ । তাই ভাৱিব ধৰিলে মানুহজনে তাইৰ থানথিত লগা জীৱনটোত আউল লগাব আহিছে নে তাইক তাইৰ স’তে পৰিচয় কৰাই দিলে? । এৰা তাই কি বিচাৰে ? তাই আচলতে কি বিচাৰে সেয়া দেখোন তাই কোনোদিনে নিজক সুধিয়ে চোৱা নাই । তাই বাৰু প্ৰেমহীনতাত ভুগি আছে নেকি ? তাই বাৰু সঁচাকৈ শূন্যতাৰ মদিৰা পি সুখী হোৱাৰ অভিনয় কৰি গৈছে নেকি ? মানুহজনক লগ নোপোৱালৈকে দেখোন কথাবোৰ ঠিকেই আছিল । তাইৰ ভিতৰতো বাৰু আন এজনী তাই সোমাই আছে নেকি ? যি প্ৰেমহীনতাত ভিতৰি ভিতৰি চটফটাই থাকে । সকলো থাকিও নিঃসংগতাৰ আলিংগনত তাই গৰ্ভৱতী হৈ উঠে নেকি ?
” উফ কি অসহ্যকৰ সময় !” তাই কৈ উঠে নিজে ক’ব নোৱাৰাকৈ । তাইৰ মনৰ ভিতৰত কি চলি আছে একমাত্ৰ তাইহে জানে । তাই বাৰু নিজে ক’ব নোৱাৰাকৈ বনৰীয়া বতাহজাকত নিজকে সঁপি দিব ওলাইছে নেকি ? কথাবোৰতো দৃঢ়তাৰে তাই অস্বীকাৰো কৰিব পৰা নাই । কি হৈছে আচলতে তাইৰ ? এক প্ৰকাৰ অচিনাকি মানুহ এজনৰ কথাই বাৰু তাইৰ মনত এনেকৈ ক্ৰিয়া কৰিব লাগে নে ? কোনোৱাখিনিত বাৰু তাই দুৰ্বল হৈ পৰিছে নেকি ?
তাইক অশান্ত কৰি তোলা এই অনুভূতিৰ নাম কি ? ‘কিয় তাই আজি নিজকে এক স্থিৰ সিদ্ধান্তলৈ লৈ যাব পৰা নাই ? মনটোৱে কিয় বাৰে বাৰে এৰাল চিঙি গুছি যাব খোজে । ইমান চঞ্চলটো কেতিয়াও হোৱা নাছিল তাই ? তাইৰ হৃদয়ত বাৰু আজি নতুনকৈ —-। “নাই নাই হ’বয়ে নোৱাৰা” — তাই কৈ উঠে । পিছমুহূৰ্ততে তাই আকৌ সেই দোধোৰ মোধোৰ অৱস্থালৈ ঘুৰি যায় । অবশেষত তাই নিজক বিচাৰি পায় । বিচাৰি পায় বনৰীয়া বতাহজাকৰ বা যে তাইৰ গাত নলগাকৈ থকা নাই যদিও নিজক লুকুৱাবলৈ অহৰহ চেষ্টা কৰিছিল ।