(জনকন্ঠ জুবিন গাৰ্গলৈ উৎসৰ্গিত)
এজাক ৰ’দৰ সন্ধানত
স্মৃতি ৰেখা বৰা
কলিয়াবৰ
আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুবৰে মন……
গীতৰ শব্দৰ মাজেৰে যেন
দিব বিচাৰিছিলা অজান
দেশলৈ যোৱাৰ বতৰা।
কাঞ্চনজঙ্ঘাৰ উচ্চ শিখৰত থাকিও
তুমি যে বিচৰণ কৰিছিলা
ভৈয়ামৰ প্ৰতিজন অসমীয়াৰ
ৰক্ত কলিজাত।
শব্দৰ জালেৰে মেৰিয়াই
ৰাখিছিলা মন মগজুৰ
প্ৰতিটো কোষ।
যি গানৰ অৰ্থ বিচাৰি
হাহাকাৰ কৰে প্ৰতিজন
অনুৰাগীৰ বুকু।
মই নথকাৰ অনুভৱ
যিদিনা হ’ব তোমাৰ…..
সঁচাই তুমি নথকাৰ অনুভৱে
বাৰুকৈয়ে দহিছে সকলোৰে বুকু।
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি….
যি গানে হৃদয়ত তুলিছিল
ভালপোৱাৰ জোৱাৰ,
সেই গীতেই যে আজি হৈ
পৰিছে শ্ৰদ্ধাঞ্জলিৰ অৰ্ঘ্য।
এটি যুগৰ অৱসান,
এটি সুৰৰ অৱসান,
যি সুৰে ভেদাভেদ নেওচি
জনতাৰ হৃদয়ক দিছিল
একতাৰ আলিংগন।
সেই সুৰ আজি নিতাল নিস্তব্ধ।
সাগৰ তলিৰ নিভৃত কোণত
জিৰণি লোৱাৰ মানসত।
ৰ’দ, ৰ’দ আজি কেনি চাওঁ
খিৰিকী মেলি সন্মুখত…..
ৰ’দৰ সলনি আজি সকলোতে
যেন আউসীৰ এন্ধাৰ।
ঘিট্ মিট্ এন্ধাৰত দিশ হেৰুৱাই
শোকত ম্ৰিয়মান প্ৰেমিক জনতা।
এক স্বৰে সকলোৱে কৰে আহ্বান
ঘূৰি আহা, ঘূৰি আহা
এজাক কাচিয়লি ৰ’দ হৈ
জনতাৰ মাজলৈ, যাৰ পৰশত
জিলিকি উঠক প্ৰতিজন
অনুৰাগীৰ আকলুৱা হৃদয়।।
