এজাক সপোন যেন বৰষুণ- মানসী মিশ্ৰ
মোৰ মনকোশত কিয় বাৰ প্ৰতিফলিত হয়
সেই সাগৰ নীলা দুচকু
নৈৰ সীমান্ত ভেদি সাগৰলৈ বৈ যাব খোজে
মোৰ মনোকাশ বহু দূৰদূৰণিলৈ
সন্ধিয়াৰ আকাশ চুব খোজে
মোৰ হৃদয়ৰ অবুজ শব্দবোৰে
ডাৱৰৰ সতে দেখোন লুকা ভাকু খেলে
আধৰুৱা সপোনবোৰে সাৰ পায় দুচকুত
ভাহি আহে পথাৰৰ ঘন সেউজীয়াবোৰ,
য’ত ৰঙমন কাঁইহতে দেখিছে সেই সপোন
য’ত হেনো হালধীয়া চৰায়ে বাওধান খায়, সাউদৰ
পুতেকে নাও মেলি যায় আৰু জংকী আৰু পানেইহঁতে
লুইতৰ পাতে হুমুনিয়াহ বোৰ কিয় এৰি থৈ যায়
দুয়োৰে সেই শব্দবোৰে কিয়, কিয় বাৰু
ধূলিৰ ওৰণি ঠেলি যায় বহুদূৰ, যায় বহুদূৰ।