এজাক বৰষুণ বিচাৰি
সবিতা বেগম,পাকাবেত বাৰী পাম
প্ৰতীক্ষাৰ জাপি মূৰত লৈ
ৰৈ থাকোঁ নীৰৱে অকলশৰে
আকাশখনলৈ অধীৰ
হৈ ওৰেটো নিশা
গতি পথৰ নিৰীক্ষণৰ
প্ৰয়াস কৰি ,
পাৰ হৈ গ’ল
কেইবাটাও বসন্ত
উমানেই নাপালোঁ ,
বুজিম কেনেকৈ…!!!
জানা , এতিয়া আৰু
ভেকুলীৰ বিয়া দিয়াৰ
একেবাৰেই মন নাই….!!!