এজাক বৰষুণৰ অপেক্ষাত
সত্যজিৎ গগৈ
প্ৰযত্নেঃ ডাক্টৰ দয়ানন্দ মাহাত্ব
বামুণী গাঁও,কলিয়াবৰ,নগাঁও,অসম
বুকুত সেউজীয়া আশা এটা বান্ধি
বৰষুণ এজাক ৰৈ আছে
শিমলুফুলীয়া ৰঙীন চোতালখনত বহিবলৈ
প্ৰাণৰো প্ৰাণৰ মোৰ গাওঁৰ
হিমশীতল পদুলিবোৰে
সম্ভাষিত বসন্তলৈ চাদৰ পাৰিছে
চহা জীৱনৰ সুৰুঙাৰে
নামি আহিব খোজা বৰষুণজাকে
ন-কৈ সপোনৰ কঠিয়া সিঁচিছে
দুৱাৰদলিত বাপতি সাহোন
আৰু কঁকালত টঙালি বান্ধি
মোৰ ফাগুনক ধুৱাই লৈ যাব
চপচপীয়া এজাক চেচা বৰষুণে
শীতলতাৰ সেউজীয়া চাদৰ এখন পিন্ধি
মোৰ চৌদিশে চিঞৰি চিঞৰি
এইজাক হেঁপাহৰ বৰষুণে গাব
হৃদয়ৰ গান আৰু সমন্বয়ৰ গান।
