এজন সৈনিকৰ শেষ চিঠি – সবিতা বেগম

Pc Ravi Desai - Medium
এজন সৈনিকৰ শেষ চিঠি 
সবিতা বেগম
পাকাবেত বাৰী পাম
 মা…
তোমালৈ বৰকৈ মনত পৰিছে!
তোমাৰ বোপাৰ যুদ্ধক্ষেত্ৰত
 বুকুত গুলি লাগি
শত্ৰু সেনাৰ হাতত আঘাত প্ৰাপ্ত হৈছে।
চৌপাশে পৰি আছে জুইৰ দাৱানলত অগগনন দেহা
মই থিয় দি থাকিব পৰা নাই মা!!
তথাপি …
মৃত্যুলৈ অলপো ভয় নাই ,
অলপ কষ্ট লাগিছে ঠিকেই
কাৰণ, তোমাৰ লগত হয়তো
আৰু কোনোদিনেই দেখা নহ’ব
আৰু আনন্দ-উল্লাসেৰে ঋতুয়ে ঋতুয়ে
পিঠা খোৱাও নহ’ব ।
মা তুমি নাকান্দিবা …
তুমি গৰ্বিত … ।।
দেউতা …
তুমি মোক ক্ষমা কৰি দিবা …
তুমি মোক সৰুতে
কান্ধত তুলি তুলি এষাৰ কথা কৈছিলা
যে এদিন মই তোমাক কান্ধত তুলি ল’ব লাগিব ..
কিন্তু দেউতা !!!
মই নোৱাৰিলোঁ …।।
ভাইটি …
অলপ সাৱধানে চলিবি ,
বাইকৰ চাবিপাত কোনোদিনেই নিবিচাৰিম
বুলি গোটেই দিনটো ঘুৰি নুফুৰিবি।
অ শুনচোন …
তোলৈ এযোৰ চোলা কিনিছিলোঁ
যোৱাও নহ’ল, দিয়াও নহ’ল …!!!
ভণ্টি …
বেয়া নাপাবি ৰাখি পিন্ধিবলৈ যোৱা আৰু নহ’ল ,
তোৰ ইচ্ছাবোৰো পূৰ্ণ কৰা নহ’ল … ।
ভাইটি ঘৰখন ভালকৈ চাবি ,
মাক দেউতাকৰ খবৰ ৰাখিবি
সিহঁতৰ গাটো সিমান ভালে নাথাকে …।
যেতিয়া তোমালোকৰ মোলৈ মনত পৰিব
তেতিয়া সৌ আকাশখনত হাঁহি হাঁহি উৰি থকা
পতাকা খনলৈ চাবা … ।।
শেষত মোৰ অনুৰোধ :
 মা দেউতা …তোমালোকে কুশলে থাকিবা ।
ইতিত
অসমীয়া জোৱান
জয় আই অসম ,
জয় আই অসম ।