এজন শিক্ষকৰ মনৰ কথাৰে – আয়নাল হক

এজন শিক্ষকৰ মনৰ কথাৰে
আয়নাল হক, ধুবুৰী 
শিক্ষকজনে হাৰ মানিলে…
তেওঁতো কল্পনা কৰা নাছিল
সমাজখনে তেওঁকেই প্ৰত্যাহ্বান জনাব বুলি !
জীৱনৰ মূল্যৱান সময়খিনি
ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ বাবেই বিলাই দি
তেওঁৰ শিক্ষকতাৰ ওপৰত প্ৰশ্ন উঠিব বুলি
তেওঁতো ভবা নাছিল কোনোদিনে।
নীতি আদৰ্শৰ অমিয়া মন্ত্ৰেৰে
জ্ঞানৰ শলিতাডাল জ্বলাই
সিহঁতক উচিত পথৰ দিছিল সন্ধান।
দিয়াতো নাছিল শিক্ষা
অন্যায় আৰু ব্যভিচাৰৰ–!
ঠগ,প্ৰৱঞ্চনা যে মহাপাপ
পদে পদে সোঁৱৰাই দিয়াৰ পিছতো
কিয় হেৰুৱালে সিহঁতৰ মানৱতা ?
ক’ত হেৰাল তেওঁৰ শিক্ষাদানৰ মূল্য ?
সঁচাকৈ তেওঁ আজি হাৰ মানিলে…
নিজে জ্বলি জ্বলি
শেষ হৈ যোৱাৰ পিছতো
তেওঁৰ অস্তিত্বক লৈ উঠা প্ৰশ্নই
কঁপাই তুলিছে তেওঁৰ সমস্ত সত্তা।
স্বচ্ছ জ্ঞানৰ পোহৰেৰে
নৈতিকতাৰ নিৰ্মল ধাৰাৰে
এখন নিকা সমাজ গঢ়াৰ সপোন
শেষ হোৱাৰ যন্ত্ৰণাত
তেওঁ আজি নিজকে প্ৰশ্ন কৰিছে…
” আছিল নেকি ভুল মোৰ অকপট শিক্ষাদানত?”
নিজকে দোষী বুলি ভবাৰ
কোনো অৱকাশ বিচাৰি নাপাই
তেওঁ আজি অন্তৰ্দ্বন্দত ভূগিছে
হয়, তেওঁ অন্তৰ্দ্বন্দত ভূগিছে…।