এজন যুঁজাৰুৰ গল্প – দৰিনা পায়ুন

Pc DR Najmun Riyaz

এজন যুঁজাৰুৰ গল্প

দৰিনা পায়ুন,মাজুলী 

প্ৰতিদিন পুৱা তিনি বজাত সৌৰভে সাৰ পায়। ঘৰৰ সকলোয়ে শুই থাকে, কিন্তু তাৰ টেবুলত খোলা থাকে বায়’লজি, কেমিষ্ট্ৰি আৰু ফিজিক্সৰ কিতাপ। সৌৰভৰ এটাই সপোন — NEET উজাৰি AIIMS ত ডাক্টৰ হ’ব।

এই সপোনৰ বাবে সি নিজৰ জীৱনৰ বহু সুখ ত্যাগ কৰিছিল। বন্ধুৰ লগত কথা নপতা , সামাজিক মাধ্যমৰ পৰা দূৰত থাকিলে, পৰিয়ালৰ আত্মীয়ৰ জন্মদিন, বিয়া আৰু অনুষ্ঠান এৰি দিলে। কাৰণ সি জানিছিল — এই বছৰেই তাৰ ভৱিষ্যৎ।

কিন্তু এই পথটো সহজ নাছিল। দিনে-ৰাতিয়ে পঢ়া, মক টেষ্ট, কম নম্বৰ আৰু বুকুত জমা হোৱা ভয় — anxiety। কেতিয়াবা নিশা উশাহ ল’ব নোৱাৰি কান্দি উঠিছিল। মনে মনে ভাবিছিল —

“মই সঁচাকৈয়ে পাৰিম নে?”

NEET পৰীক্ষাৰ দিনা সি নিজৰ সৰ্বশক্তি দিলে। কিন্তু ফলাফল অহা দিনা, স্ক্ৰিনত নম্বৰ দেখি সি স্তব্ধ হৈ পৰিল। সি সফল নহ’ল।

মাকে নীৰৱে চকুৰ পানী মচিছিল। পিতৃয়ে কিবা নক’লেও, সি বুজিছিল — সেই নীৰৱতাত কিমান দুখ লুকাই আছে। চুবুৰী আৰু আত্মীয়ৰ কিছুমানে তানা মাৰিলে —

“ইমান পঢ়ি কি হ’ল?”

সেই কথাবোৰে তাৰ মন ভাঙি পেলালে।

সেই সময়ত সি একো ভাবিব পৰা নাছিল। সপোনবোৰ ভাঙি গৈছিল। কিন্তু সি হাৰ মানা বিধৰ নাছিল। প্ৰতি বছৰৰ দৰে অনুষ্ঠিত হোৱা CUET নামৰ পৰীক্ষাত অৱতীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগত অধ্যয়ন আৰম্ভ কৰিলে।

কেই বছৰ মানৰ পিছত, সৌৰভ এখন বিখ্যাত কোচিং ইনষ্টিটিউটৰ শিক্ষক। প্ৰতিবছৰে সি হাজাৰ হাজাৰ ছাত্ৰক ডাক্টৰ হোৱাত সহায় কৰে।

সৌৰভে প্ৰমাণ কৰিলে —জীৱনত যদি হাৰ নামানি কষ্ট কৰি গৈ থাকে, তেন্তে জয় নিশ্চয় আহে।