এজন মহান আমেৰিকানৰ কথা – মুন শৰ্মা

এজন মহান আমেৰিকানৰ কথা
আমাৰ পৃথিৱীত মানুহ সৃষ্টি হোৱাৰ সময়ৰ পৰা আজিলৈ কোটি কোটি মানুহ আহিল আৰু গ’ল,তাৰ কোনো  হিচাপ নাই। কিন্তু তাৰে ভিতৰত এনে কিছু মানুহৰ এখন তালিকা আমাৰ হাতত আছে আৰু থাকিব কাৰণ নিজৰ  কৰ্মৰে আমাৰ মনত যুগমীয়া হৈ ৰৈছে চিৰকাল লৈ বুলি তেওঁলোক।তেওঁলোক একো একোজন মহান মানুহ যিয়েই  আমাক দি আছে আৰু দি থাকিব  প্ৰেৰণা, সাহস আৰু বহুতো জ্ঞান জীৱনৰ। তেনে এজন মহান মানুহৰ নাম হ’ল  বিখ্যাত আমেৰিকান “বেঞ্জামিন  ফ্ৰেংকলিন”।তেওঁ এজন বিজ্ঞানী,দাৰ্শনিক লিখক, ব্যৱসায়ী,  ৰাজনীতিক আৰু সফল কুটনীতিবিদ। তেওঁ  আমেৰিকা  যুক্তৰাষ্ট্ৰত যেতিয়া ইংৰাজৰ শাসন চলিছিল তাৰে এটা সময়ত অৰ্থাৎ ১৭০৬ চনৰ ১০জানুৱাৰী তাৰিখে “বোষ্টন” নামৰ ঠাই এখন।যি বৰ্তমান আমেৰিকাৰ এখন ডাঙৰ মহানগৰ।আৰ্থিক অৱস্থা স্বচ্ছল নথকা বাবে বেছি দিনলৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ নোপোৱা তেওঁ বিভিন্ন সুযোগক সদ -ব্যৱহাৰ কৰি বিভিন্ন ধৰণে অধ্যায় কৰি বিভিন্ন জ্ঞান লাভ কৰিছিল।তেওঁ প্ৰথমে এজন কবি হ’ব বিচাৰিছিল কিন্তু ৰক্ষণশীল দেউতাকৰ কবি  মানুহৰ প্ৰতি বেয়া ধাৰণা থকাৰ বাবে এদিন তেওঁ কবিতা লিখে বুলি গম পায়  বাধা প্ৰদান কৰিছিল ফলত তেওঁ কবিতা লিখা বন্ধ কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছত তেওঁ গদ্য লিখিবলৈ আৰম্ভ কৰিছিল সেয়াও শেষ হৈছিল এদিন তেওঁৰ ককায়েকৰ ধমক খাই। কাৰণ কিছু দিন ছপাকল থকা ককায়েইকৰ ছপাকলৰ পৰা ওলোৱা এখন বাতৰি কাকতত সেই সময়ত  তাত কৰ্মী ৰূপে থকা বেঞ্জামিনে সুযোগ বুজি বিভিন্ন লেখা কাকতত প্ৰকাশ কৰিছিল ছন্মনাম লৈ।কিন্তু এদিন ধৰা পৰিছিল সেয়া যে” বেঞ্জামিনৰ কাম ।তাতেই তেওঁ খং উঠাত কামৰ পৰা খেদিলে  ফলত গদ্য লিখা অন্ত পৰিছিল।তাৰ পাছত এদিন তেওঁ ঘৰ এৰি ফিলাডেলফিয়া নামৰ ঠাই খনলৈ আহিছিল কামৰ   বাবে আৰু বহুদিন মনে কাম নোপোৱাৰ পিছত তেওঁ হাতলৈ আহিছিল মনে মিলা কাম। উল্লেখ্য যে এই ঠাই খনৰে এঘৰ ধনী মানুহৰ এজনী  ছোৱালীয়ে ঘটনা ক্ৰমে তাৰ কাণ্ড দেখি খুব ৰস পায় হাঁহিছিল। ছোৱালী জনীৰ নাম আছিল ডেব ‘ৰা ৰিড যিয়ে হৈছিল এটা সময়ত তেওঁৰ পত্নী।যি সময়ত আমেৰিকাৰ সমাজত  বিজ্ঞান ত কৈ ঈশ্বৰ বিশ্বাসী বেছি আছিল সেই সময়তে বিজ্ঞান চৰ্চা কৰি বহুতো বিজ্ঞানৰ ব্যবহাৰ সাধাৰণ মানুহক বিষয়ে শিকাইছিল। যি সময়ত মানুহৰ মনত বিদ্যুৎ শক্তিৰ বিষয়ে জ্ঞান সীমিত আছিল তেতিয়াই তেওঁৰ  ইয়াৰ বিভিন্ন পৰীক্ষা কৰি প্ৰমাণ কৰিছিল যে মেঘৰ পৰা অহা বিদ্যুৎ আধানৰ কাৰণেই বিজুলী গাজনী উৎপতি হয়। তেওঁ বিজ্ঞানী ৰূপে তাপ শোষণ ৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল, উপসাগৰীয় সুতৰ জোখ মাখ,জাহাজৰ বিভিন্ন ডিজাইন, ধুমুহাৰ গতিপথ নিৰ্ধাৰণ, বাইফোকেল লেন্স  আদি আৱিষ্কাৰ কৰিছিল।বেঞ্জামিন ফ্ৰেংকলিন এগৰাকী চিন্তাশীল সমাজ সচেতন আৰু বহু গুণ সম্পন্ন ব্যক্তি আছিল। তেওঁ বাতৰি কাকতৰ জৰিয়তে বিভিন্ন সামাজিক বিষয়ত আলোকপাত কৰিছিল। তেওঁ সমাজ ব্যৱস্থাৰ উন্নতি  বাবে ১৭২৭ চনত “জুণ্টো”ক্লাব নামৰ এটা সংঘ প্ৰতিষ্ঠা কৰিছিল। তেওঁ আমেৰিকাত প্ৰথম ভ্ৰাম্যমান  ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰিছিল।ব্যৱসায়ী হিচাপে তেওঁ এজন বহু সফল ব্যক্তি। তেওঁ বিষয়কৈ ছপাকলৰ ব্যৱসায় কৰা তেখেতৰ ব্যৱসায় নিউয়ৰ্ক, কোৰোলিনা, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ লৈকে বিস্তৃত হৈছিল।ৰাজনীতি আৰু কুটনীতিৰ কথা ক’বলৈ গলে ১৭৫১ চনত পেন্সিলভেনিয়া প্ৰদেশৰ বিধান সভালৈ সদস্য নিৰ্বাচিত হোৱাৰ পৰাই তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল ।তেওঁ  ইংৰাজৰ পৰা  আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ খনৰ  চূড়ান্ত ৰূপ দিয়াত ডাঙৰ ভূমিকা লৈছিল। সেই সময়তে ফ্ৰান্সৰ পৰা অৰ্থনৈতিক আৰু সামৰিক সাহায্য লাভ কৰাত তেওঁৱেই আগভাগ লৈছিল। আমেৰিকাৰ সংবিধানত ৰচনা কৰাতেও তেওঁ অৰিহণা দিছিল।এইজন  অসাধাৰণ ব্যক্তিৰ মৃত্যু হৈছিল ১৭৯৬ চনৰ ১৭ এপ্ৰিল তাৰিখে ফিলাডেলফিয়া মহানগৰত যিয়েই এদিন ভৱিষ্যতবাণী কৰিছিল যে আমেৰিকা এটা সময়ত বিশ্বৰ  সকলোতকৈ বেছি উন্নত ৰাষ্ট্ৰ হিচাপে খ্যাত হ’ব।যিটো বৰ্তমান সময়ত আখৰে আখৰে ফলিয়ালে।
  মুন শৰ্মা, লখিমপুৰ