ধাৰাবাহিক গল্প
এজন পাগল
শৈলেন কুমাৰ
মিৰ্জা , কামৰূপ
খণ্ড – ১
চাৰিওপিনে চিঞৰবাখৰ সেইখন এখন মানসিক চিকিৎসালয়,মানসিক ৰোগীবোৰৰ বিভিন্ন অংগীভংগী দেখিবলৈ পোৱা গৈছে ৷ তেনেতে চিঞৰবোৰ স্তব্ধ হৈ পৰিছে হুইল শ্বেয়াৰত হাতত এটা হাতুৰী লৈ অবিনাশ আহিছে ৷ মুখত তাৰ স্পষ্টকৈ দেখাপোৱা গৈছে তাৰ ভিতৰত চলি থকা ক্ষোভবোৰ আৰু অতীতৰ সেই কাল অমানিশা,কালসন্ধ্যা ৰ জুই ৷ আজি তাক সকলোৱে এজন পাগল বুলি জানে ৷ সি কিয় পগলা হ’ল ? তাৰ ৰহস্য জানিবলৈ আমি তাৰ অতীত খুচৰিব লাগিব ৷ অবিনাশৰ দেউতাক এজন সৎ আদৰ্শবাদী ব্যক্তি আছিল ৷ অন্যায়,অসত্য,অধৰ্ম তেখেতৰ মুঠেই প্ৰিয় নাছিল ৷ মাঁক তেনেই সাধাৰণ চিন্তাধাৰাৰ এজনী ঘৰুৱা কামকাজী মহিলা ৷ ভনীয়েক লভিতা স্নাতকোত্তৰ ডিগ্ৰী লৈ টিউচন কৰি নিজৰ হাত খৰচ উলিয়াই থাকে ৷ অবিনাশে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান এটাত কৰ্মৰত ৷ পৰশুৰাম চৌধুৰী এজন কুখ্যাত ভ্ৰষ্টাচাৰী টকাৰ গৰমত বলীয়ান এজন ঠিকাদাৰ ৷ অভাৰব্ৰীজৰ ঠিকাটো সি এইবাৰ যিকোনো পধ্যেই লবলৈ মন মেলিছে ৷ কিন্তু তাৰ সেই কামনাৰ বাধা স্বৰুপে হেঙাৰ হৈছে অবিনাশৰ দেউতাক সত্যব্ৰত বৰুৱা। সত্যব্ৰতে ফাইলত চহী কৰিলেহে সি কামটো পাবলৈ সক্ষম হব ৷ তাতে আৰু সেই কামটোৰ লগত বহু বিয়াগোম নেতামন্ত্ৰীৰ কমিচন জড়িত হৈ আছে ৷ সত্যব্ৰতে জানে যদি ফাইলত চহী হয় তেতিয়া ফ্লাইঅভাৰখন ভাঙি পৰিব আৰু বহু নীৰিহ মানুহ নিহত হ’ব ৷ ইতিমধ্যে বহু প্ৰলোভন দিয়াৰ পাছতো সত্যব্ৰত বৰুৱা মান্তি হোৱা নাই ৷ অৱশেষত প্ৰাণেমৰাৰ ভাবুকি প্ৰদান সত্যব্ৰত বৰুৱাক ৷ তাৰপাছত কিছুদিন যোৱাৰ পাছত সত্যব্ৰত বৰুৱা অফিচৰ পৰা ঘৰমুখী হৈছে ৷ তেনেতে দুৰ্বৃত্তৰ দ’ল এটাই তেখেতক বাট আগছি ধৰিছে, সিহঁতক সত্যব্ৰত বৰুৱাৰ চহী লাগে ফাইলত, যিকোনো প্ৰকাৰে ৷ তেনেকৈ টনাআঁজোৰা চলি থকা সময়ত লভিতা পথৰ ইটো মূৰৰপৰা আহিছে আৰু সমস্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী হৈছে ৷ যেতিয়া লভিতাই দুৰ্বৃত্তৰ দ’লটোক প্ৰশ্ন কৰিলে মোৰ দেউতাক কিয় মাৰিছা বুলি তেতিয়া দুৰ্বৃত্তৰ দ’লটোৱে হিংস্ৰ পশুৰ দ্বৰে লভিতাৰ ওপৰত জপিয়াই পৰিছে ৷ নিজৰ জীয়ৰীৰ সতীত্ব হানি হোৱাৰ শংকাত অৱশেষত সত্যব্ৰত বৰুৱাই ফাইলত চহী কৰিবলৈ মান্তি হ’ল ৷ ফাইলত চহী হোৱাত আক্ৰমণকাৰী দুৰ্বৃত্তৰ দ’লটোৱে চোকা অস্ত্ৰৰে সত্যব্ৰত বৰুৱাক আঘাত কৰি পথৰ দাঁতিত পেলাই,লভিতাৰ ওপৰত জপিয়াই পৰিলে,তাই সহায়ৰ বাবে কেৱল চিঞৰিছে ৷ তাইৰ এই অসহায় অৱস্থাৰ সাক্ষী আজি কালৰাত্ৰিৰ জংঘলৰ কণকণ নিৰৱতা ৷
(আগলৈ)