এজন পাগল (খণ্ড ২) –  শৈলেন কুমাৰ

 ধাৰাবাহিক গল্প 

এজন পাগল

 শৈলেন কুমাৰ
 মিৰ্জা ( কামৰূপ )

খণ্ড ২

অবিনাশৰ ফোন বাজিছে, ফোনত হোৱা কথাবতৰাৰ পাছত অবিনাশ মাটিত ঢলি পৰিছে ৷ যেন মুৰৰ ওপৰত পাহাৰ ভাঙি পৰিছে,ভৰিৰ তলৰপৰা মাটি নহোৱা হৈছে ৷ সি কোনোমতে নিজকে স্থিৰ কৰি চিকিৎসালয়লৈ দৌৰ মাৰিছে ৷ ভায়েকক নেদেখালৈ লভিতাৰ প্ৰাণ দেহত্যাগ কৰা নাছিল ৷ অবিনাশক সমষ্ট ঘটনা বিৱৰি কৈ তাই গুচি গ’লে ৷ সিদিনাখন দুখন চিতা জ্বলিল যদিও মৃত্যু হ’ল চাৰিজনৰ ৷দূৰ্ভগীয়া মাতৃ আৰু অবিনাশ ইজনেসিজনৰ সমল হৈ সংকল্প ল’লে, এতিয়া কেৱল প্ৰতিশোধৰ অগ্নি জ্বলিব হত্যাকাৰী,ধৰ্ষণকাৰী,সমাজবিৰোধী দানৱবোৰক আৰু এই জগতখন কলুষিত কৰিব দিয়া নহব, সিহঁতৰ উচিত বিচাৰ হব লাগিব ৷ ঘটনাৰ আঁতিগুৰি জানিবলৈ নিজাববীয়াকৈ অবিনাশে দেউতাকৰ অফিচত অনুসন্ধান কৰিবলৈ ধৰিলে ৷ কিন্তু কোনো ফালৰ পৰা অবিনাশে সঁহাৰি পোৱা নাছিল ৷ পুলিচ প্ৰশাসন কিম্বা দেউতাকৰ কৰ্মজীৱনৰ সহপাঠী আজি সকলো নিমাত, কাৰণ এয়া হাই প্ৰফাইল মাৰ্ডাৰ কেছ ৷ এই কেছটো যদি নিষ্পত্তি কৰিব লগা হয় তেন্তে বহু বিয়াগোম বিশিষ্ট সমাজকৰ্মী, ঠিকাদাৰ নেতামন্ত্ৰীৰ মুখা খোল খাৱ ৷ দিন বাগৰিছে কিন্তু অবিনাশে কোনো সু- সুত্ৰ পাবলৈ সক্ষম হোৱা নাই,সি নিজকে অসহায় অনুভৱ কৰিবলৈ ধৰিছে ৷ শূন্যত গদা ঘুৰাই সি ভাগৰি পৰিছে ৷ আৰু কিমানদিন ভোকপিয়াহ,অনাহাৰে এনেকৈ আৰু দিন কটাব ?দূৰ্ভগীয়া মাতৃক কোনে চাব ? অবিনাশৰ প্ৰেয়সী বন্দীতাৰ কি হ’ব ইত্যাদি কথাই অবিনাশৰ মুৰত ঘৰ কৰিবলৈ ল’লে ৷ দুৰ্ঘটনাৰ দিনধৰি বন্দীতাৰ কোনো খা-খৱৰ ল’ব পৰা নাই ৷ তাই কেনে আছে ভালে আছেনে বাৰু ? বন্দীতাৰ লগত অবিনাশৰ চিনাকি হব দুবছৰ মান হৈছে ৷ সকলো যদি ঠিকে থাকে এইবছৰতে অবিনশে বন্দীতাক বিবাহৰ বাবে প্ৰস্তাৱ দিয়াৰ কথা আছিল ৷ কিন্তু এয়া কি? হঠাৎ অবিনাশে যেতিয়া মগজুত জোৰ দি ভাবিবলৈ আৰম্ভ কৰিলে,তেতিয়া অবিনাশ অবাক হৈ পৰিল কাৰণ ভনীয়েক লভিতাই মৃত্যুৰ পূৰ্বে যিটো চিহ্নৰ ফালে ইংগিত কৰিছিল সেয়া বন্দীতাৰ হাতত অংকিত আছে ৷ এয়া কিহৰ ৰহস্য, অভিসন্ধি কি হৈছে এইবোৰ মই পগলা হ’লো নেকি? নিজৰ প্ৰাণতকৈয়ো ভাল পোৱা প্ৰেয়সীক সন্দেহ কৰোঁ কেনেকৈ ?

( আগলৈ )