এজন জ্ঞানী ব্যক্তিৰ পৰিচয়
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
“मूढो वाग्भिर्ज्ञायते मौनेन च बुधः”
অৰ্থাৎ এজন মূৰ্খ মানুহক তেওঁৰ কথাতেই গম পায় আৰু আনহাতে মৌনতাৰ জৰিয়তে এজন বিদ্বান ব্যক্তিক গম পাব পাৰি।আমাৰ অসমীয়া ভাষাতো এষাৰ কথা অতীজৰে পৰা বহু প্ৰচলিত আছে যে,”কথাত কটা যায় কথাত বঁটা পায় ” । বৰ্তমান সময়ত আমি সচৰাচৰ দেখিবলৈ পায় আহিছো বা দেখিবলৈ পায় আছোঁ যে প্ৰায় প্ৰতিজন ব্যক্তিৰ মুখে মুখে কেৱল এক ডাঙৰ ডাঙৰ কথা। আচলতে এতিয়াৰ সময়ত যেন এক প্ৰতিযোগিতাৰ সৃষ্টি হবলৈ ধৰিছে কোন কিমান বুদ্ধিয়ক। বৰ্তমান সময়ত নিজকে এক উচ্চ গুণসম্পন্ন ব্যক্তি ৰূপত পৰিচয় দিবলৈ প্ৰায়বোৰ মানুহ প্ৰস্তুত হৈ থকা দেখিবলৈ পোৱা যায়। কিন্তু কেতিয়াবা ভাবি চাইছেনে প্ৰকৃত অৰ্থৎ এজন জ্ঞানী ব্যক্তি এজনে জগতৰ আগত নিজকে জ্ঞানী বুলি সজাবলৈ দৰকাৰ আছে নেকি ?
আচলতে এজন জ্ঞানী ব্যক্তিৰ পৰিচয় তেওঁৰ ডাঙৰ ডাঙৰ দম্ভালি মৰা কথাবোৰৰ পৰা নুবুজায়। কাৰণ এজন জ্ঞানী ব্যক্তিক তেওঁৰ সচৰাচৰ জীৱন কালত সামান্য একেবাৰে সৰু সৰু কথাবোৰক কিমান নিখুঁত ৰূপত প্ৰস্তুত কৰি নিজ জীৱনক আগুৱাই লৈ গৈ আছে তাৰ পৰাহে গম পাব পাৰি। কাৰণ আজিকালি ইন্টাৰনেটৰ,চচিয়েল মিডিয়াৰ সময়। প্ৰায় প্ৰতিজন মানুহৰ হাতে হাতে মোবাইল ফোন। সেয়েহে এই উপকৰণবোৰ দিনে ৰাতিয়ে প্ৰয়োগৰ জৰিয়তে এজন একেবাৰে মূৰ্খ ব্যক্তিয়েও দুই এটা কথা ভুলে শুদ্ধয়ে ভাটৌ সলসলীয়া কৰি জগতৰ আগত প্ৰস্তুত কৰি অহাটো একেবাৰে সামান্য কথা। কিন্তু প্ৰকৃত অৰ্থত এজন জ্ঞানী ব্যক্তিয়ে তেওঁৰ জীৱন কালত আহৰণ কৰি যোৱা জ্ঞানৰ পৰিসৰ একেবাৰে সামান্য বুলি ভাবি মৌনতাৰ অৱলম্বন কৰি নিজে কৰি যোৱা কাম সমূহক নিখুঁত ৰূপত কৰি যাবলৈ যত্ন কৰে।
এতিয়া কথা হল বৰ্তমান সময়ত অলিয়ে গলিয়ে ডাঙৰ ডাঙৰ জ্ঞানবৰ্ধনৰ কথাবোৰ সমাজৰ আগত প্ৰস্তুত কৰি যোৱা কেতবোৰ মানুহক তেওঁৰ ব্যক্তিগত জীৱনত কৰি যোৱা সামান্য সৰু সৰু কথাবোৰৰ পৰা ধৰা পেলাব পাৰি। হয়তো কিছুমান তেওঁৰ দৰে দুই এক মুৰ্খ মানুহে তেওঁৰ জ্ঞানী মানুহৰ শাৰীত ৰাখিবলৈ বহু যন্ত কৰা দেখিবলৈ সক্ষম হব। কিন্তু প্ৰকৃত অৰ্থৎ আপুনি এজন জ্ঞানী মানুহৰ শাৰীত পৰে তেন্তে মুৰ্খ মানুহৰ চতুৰালি আপুনি মৌনতাৰ অৱলম্বন কৰিয়েই ধৰা পেলাব পাৰিব।কাৰণ এষাৰ বাক্যৰ জৰিয়তে যিমানখিনি অৰ্থ অন্তৰ্নিহিত হৈ থাকে। কেৱল মাত্ৰ সময় সাপেক্ষে অৱলম্বন কৰি যোৱা মৌনতাৰ মাজত অগণন অৰ্থবোৰ অন্তৰ্নিহিত হৈ থাকে। গতিকে আপোনাৰ চৌদিশে যি হৈ গৈ আছে আক হৈ থাকিব দিয়ক। আপুনি পৰাপক্ষত মৌনতাৰ জৰিয়তে কেৱল অনুকৰণ কৰি যাওক।কাৰণ এসময়ত গৈ দম্ভালি মৰা কথাবোৰে জৰিয়তে নহয় মৌনতাই জৰিয়তে জীৱন যুদ্ধত জয়লাভ কৰিব।
