এজন চৰিত্ৰবান মানুহৰ পৰিচয় ?
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা, ছয়গাঁও
চৰিত্ৰ হ’ল মানৱ জীৱনৰ শ্রেষ্ঠ সম্পদ। চৰিত্ৰৱান মানুহক সকলোৱে সন্মান আৰু পচন্দ কৰে। মনত ৰাখিবা যে ধন, সম্পত্তি, ৰূপ যৌৱন এইবোৰ থাকিলেই যে চৰিত্ৰ ভাল হব সেইটো কেতিয়াও নহয়। তেওঁৰ আচল পৰিচয় হ’ল তেওঁৰ চৰিত্ৰৰ গুণত। চৰিত্ৰৱান লোক সদায় আমাৰ প্ৰিয় আৰু তেওঁলোক আমাৰ গৌৰৱ।
চৰিত্ৰবান মানুহ সকলোৰে প্ৰিয়। এনেকুৱা মানুহক সকলোৱে সন্মান কৰে আৰু পচন্দ কৰে। কাৰণ চৰিত্ৰবান মানুহ কেতিয়াও বেয়া কামত লিপ্ত নহয়। আনক কেতিয়াও ক্ষতি নকৰে । সৰ্বদা দেশৰ আৰু জনগনৰ হৈ কাম কৰে। সৰ্বদা সত্যক ধাৰণ কৰে কেতিয়াও অন্যায়ক প্ৰশ্ৰয় নিদিয়ে। সমাজৰ মূল্যবোধ, আদৰ্শ ৰক্ষা কৰি চলে তেওঁলোক। মিচা কথাক বাদ দি জ্ঞানৰ প্ৰতি শ্ৰদ্ধাশীল হয়। সমাজৰ মূল্যবোধ, আদৰ্শ তেওঁলোকে ৰক্ষা কৰি চলে। জীৱনৰ আৰম্ভণিৰ পৰা সকলো ক্ষেত্রতেই তেওঁলোক সত্যক মানি চলে। মিচাঁক বাদ দি চলে। যাৰ ফলত মানুহৰ কোনো অন্যায় নহয় সৰ্বদা মংগল হয়।