” এজন চালকৰ কাহিনীৰে ”
সুষমা গোস্বামী , যোৰহাট
হৃষ্ট – পুষ্ট , ওখ , কেকোৰা চুলিকেইডালিৰে ওঠত লাগি থকা মিঠা হাহিটোৰে,দেখিলেই ভাল লাগি যোৱা ব্যক্তিত্বপূৰ্ণ এই মানুহ জনক যি এবাৰ লগ পাইছে , তেওঁ মানুহ জনক সহজে পাহৰি যাব নোৱাৰে । ৰৌদ্ৰ গোস্বামী নামৰ এই ব্যক্তিজনে পৰিধান
কৰা পোচাক সাজতো পৰিপাটিতা প্ৰস্ফুটিত । আনৰ লগত কথা পাতোতেও কথাকেইটা বহু জুখি মাখিহে কয় । এদিনিয়া মানুহ এজনেও প্ৰথম চিনা- কিতেই তেখেতৰ মুখত বিশেষ কিবা এটা লক্ষণ থকাটো অতি সহজে অনুমান কৰিব পাৰে। ঘৰ নিমাতীৰ ফালেই কোনোবা এখন গাৱঁত। তেখেতনো ক’ত থাকে ? পৰিয়ালতনো কোন কোন আছে তাক জানিবলৈ আজিলৈকে কোনেও যত্নও কৰা নাই অথবা কৰিবলগীয়া হোৱাও নাই। কাৰণ বাচষ্টেণ্ডৰ পৰা প্ৰথম লাইনটো ধৰিয়েই যি এবাৰ ওলাল ওলালেই আৰু দিনটোলৈ । দ্বিতীয়বাৰ তেখেতক লগ পোৱাই মস্কিল । কেৱল বন্ধৰ দিনতহে নগৰৰ এডোখৰ নিৰ্দিষ্ট স্থানত তেখেতক লগ পাবৰ বাবে সুচল হয়। নিহাৰীকাই কাম কৰে বৰভেটাৰ এটা চৰকাৰি প্ৰতিস্থানত। আহিবও লাগে নিমাতীৰ ফালৰ পৰা। গতিকে ঘৰৰ পৰা চাকৰিৰ স্থানলৈ দুৰত্বও হয় যথেষ্ট বেচি। সেইদিনাও তাই ঘৰৰ পৰা কিছু পলমকৈ ওলাই অহিয়েই গোস্বামীৰ অট’খন আহি থকা দেখি হাততে সৰগখন ঢুকি পোৱা যেন পালে। নহলে বাছৰ বাবে বহু সময় খাপ পিটিব লাগিল হেতেন । বেগটো খুঁচৰি চাই- হ’ব, পইচাও আছে ভালে কেইটা। গতিকে আৰু আগ-পিছ গুণি নাথাকি হাত দাঙি অট’খন ৰখাই তাতে উঠি দিলে। সময় তেতিয়া ৯-৩০ হ’লেই । পুৱাই পুৱাই অহা আলহী যোৰাৰ কাৰণেই তাইৰ আজি ঘৰৰ পৰা ওলোৱা আন দিনাতকৈ কিছু পলম হ’ল । গোস্বামীক তাই যিমান পাৰে সিমান সোনকালে যাতে নগৰ পাবগৈ পাৰে তাৰ বাবে অনুৰোধ জনায় । অত্যন্ত কম কথা কোৱা গোস্বামীয়ে মুখেৰে একো মাত বোল নিদি এটা নিৰ্ধাৰিত গতিৰে আগবাঢ়ি গৈ থাকিল। বাটতে পোৱা আৰু দুই এজন মানুহক উঠাই লৈ ৰেলক্ৰচিং এটা পাৰ হোৱাৰ সময়তেই ঘটিবলৈ পালে ঘটনাটো। আহিপাবলৈ কিছু দুৰ থকা অৱস্থাতেই গেটখন বন্ধ হৈ থাকিল। উপায়ন্তৰ হৈ অ’টখনত অহা আটাই কেইজন যাত্ৰীয়ে গেট খোল খোৱালৈকে বাট চাব লগাত পৰিল। সেই চেগতে গোস্বামীয়ে কাম এটা আছে অলপ পিচতেই আহি আছোঁ বুলি কৈ নিহা- ৰীকা হঁতক তাতে এৰি আতৰি পৰে । ব’ম ভোলা মানুহজ গ’ল যি গ’লেই । গেট খোল খোৱাৰো প্ৰায় আধাঘন্টা পাৰ হৈ গ’ল , গোস্বামীক দেখিবলৈকে নাই । ইফালে ঘৰৰ পৰা ওলাওঁতেই দেৰি হোৱা নিহাৰীকাই আৰু ধৈৰ্ষ্য ধৰি থাকিব নোৱাৰি, অত্যন্ত বিচলিত ভাৱেৰে অ’টৰ পৰা নামি আহি, গোস্বামীক বিচাৰি ইফালৰ পৰা সিফাললৈ চাটি-ফুটি কৰি থাকোঁতেই অলপ নিল-গত কাৰ্য্যালয় বুলি লিখা ঘৰ এটাত চকু পৰিল । নিহাৰীকাই ততাতৈয়াকৈ সেই ঘৰটোৰ ফাললৈকে আগবাঢ়ি গ’ল।যিহেতু আধাঘন্টাৰ পূৰ্বে গোস্বামীক তাই সেই বাটেৰেই আগবাঢ়ি যোৱা দেখিছিলে । তাইও তালৈকে আগবাঢ়ি গৈ কাৰ্য্যালয়ৰ পৰ্দা ঠেলি ভুমুকিয়াই চাই তাই ভিতৰত গোস্বামীৰ পৰিবৰ্তে বেলেগ দুজন মানুহকহে তলমূৰ কৰি কিবা এটা কামত একান্তমনেৰে লাগি থকা দেখিবলৈ পালে। নিহাৰীকাই খঙত একো নাই হৈ তাত উপবিষ্ট মানুহ দুজনকে- ‘এই মানুহজন কেনি গ’ল ক’ব পাৰিবনে?’ বুলি অলপ কৰ্কশ মাতেৰে প্ৰশ্ন কৰাত’ মানুহ দুজনে আচৰিত হৈ মূৰ তুলি চাই সন্মুখত দুৰ্গাৰ সংহাৰ মূৰ্ত্তিৰে মহিলা এগৰাকীক ৰৈ থকা দেখি অতি নম্ৰভাৱেৰে পৰিস্থিতিটো বুজিবৰ যত্ন কৰে। মহিলা গৰাকীয়ে এই মানুহজন মানে , অ’ট চালকজনৰ বিষয়ে সোধাত, মানুহ দুজনে নিহাৰীকাই তেনে এজন বৰেণ্য ব্যক্তিক চিনি নোপোৱাটোতহে আশ্বৰ্য্য প্ৰকাশ কৰে আৰু নিহাৰীকাৰ আগত তেখেতৰ ইতিবৃত্ত দাঙি ধৰে । ” অতি সৌম্য চেহেৰাৰ এই ব্যক্তিজন আজি
পাচ বছৰৰ আগলৈকে আপোনাৰ দৰেই এজন চৰকাৰী বিষয়া আছল। সৈন্য বিভাগত চাকৰি কৰা সংসাৰ- বৈৰাগী এই ব্যক্তিজনে যোৱা পাঁচ বছৰৰ আগতেই চাকৰিৰপৰা অব্যাহতি লৈ ঘৰলৈ ঘূৰি অহা পথত হাততে পোৱা টকাকেইটাৰে কিছু অংশ খৰচ কৰি এখন অ’ট কিনি পেলায়, জীৱনৰ বাকী সময়চোৱাৰ কাৰণে পেচা হিচাপে লৈ তাকে ভাৰা মৰাৰ উদ্দেশ্যেৰে আৰু সেইকাৰণেহে আজি আপুনি তেনে এজন ব্যক্তিৰ লগত আহিবলৈপালে। চাকৰিৰ কালতে সু লেখক হিচাপে যথেষ্ট ব্যুত্পত্তি থকা গোস্বামীক লগ পাবৰ বাবে সকলোৱে হাবাথুৰি খাব লাগিছিলে । সুন্দৰ লিখনিৰ বাবেই দুবাৰকৈ অসম সাহিত্য সভাৰ দ্বাৰা পুৰস্কৃত হোৱা এনে এজন ব্যক্তিক একে অঞ্চলৰে হোৱা সত্ত্বেও চিনি নোপোৱাটোতহে আমি আশ্চৰ্য্য প্ৰকাশ কৰিছোঁ। ” ব্যক্তি দুজনৰ কথাই নিহাৰীকাৰ খঙৰ জুই কুৰাত যেনিবা ঘউহে ঢালিলে। খং কমকচাৰি দু – গুণে চৰিলহে । তাই খঙতে বলকিবলৈ আৰম্ভ কৰিলে – ” মই এই লেখক -ফেকক সকলক চিনি পাবলৈ কোনো প্ৰয়োজন বোধ কৰা নাই । সেই সকলৰ খ্যাতি সেই এটা নিৰ্দিষ্ট সময়ৰ কাৰণেহে। এই সময়ত আমাক ভাৰাত আনিছে যেতিয়া , আমাৰ কাৰণে তেখেতৰ এটাই পৰিচয় – সেইটো হৈছে,তেখেত এজন ভাৰা মাৰি ফুৰা অ’ট চালক। মুঠৰ ওপৰত আপোনালোকৰ সেই বিশেষ ব্যক্তি জনক পাৰে যদি মাতি আনকচোন ! দেখিছেনে ?
য’ত দহ বজাৰ পৰাই চাকৰি , ত’ত ইয়াতেই দহ বাজি গ’লেই।ইফালে আৰু এচোৱা বাট যাবলৈকে আছেই।অফিচ পাওঁতে পাওঁতে আজি বাৰ বাজিব যেন পাইছোঁ। আপোনালোক দুজনেই ভাবি চাওক চোন ? মোৰ খং উঠাটো স্বাভাবিক হয়নে নহয় ? ” বুলি বকি বকি মুখৰ ভিতৰতে আৰু কিবা বোৰ বিৰবিৰাই থাকোতেই নিহাৰীকাৰ নিচেই ওচৰতে শুই থকা জীয়েক লুকুৱে গাত ধৰি জোকাৰি, হেঁচুকি জগাই দিয়াতহে তাই ধহ্ মহ্কৈ উঠি বিচ- নাতে বহি পৰে । চৌপাশে ধলফাট্ দিয়া পোহৰত তাইযে ইমানপৰে এখন সুন্দৰ স্বপ্ন-ৰাজ্যত বিচ- ৰণ কৰি ফুৰিছিলে তাক অনুধাৱন কৰি মুখত এটি লাজুকী হাহি বিৰিঙাই লৈ অতি ধীৰভাবেৰে
শোৱাপাটীৰ পৰা নামি, হাতত টুথ্ ব্ৰাচডাল লৈ গা- ধোৱা ঘৰৰ ফালে খোজ লয়………॥