এজন ক্ৰিকেট প্ৰশিক্ষক আৰু চক দে ইণ্ডিয়া – মুন শৰ্মা

এজন ক্ৰিকেট প্ৰশিক্ষক আৰু চক দে ইণ্ডিয়া
মুন শৰ্মা, লখিমপুৰ
চক দে ইণ্ডিয়া ২০০৭ চনত মুক্তি লাভ কৰা এখন জনপ্ৰিয় হিন্দী চিনেমা। জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে  মুখ্য চৰিত্ৰত অভিনয় কৰা ছবি খন সেই বৰ্ষৰ অন্যতম এখন সফল চিনেমা হিচাপে বিবেচিত হৈছিল। হকী খেলক আধাৰ ছবি খনৰ কাহিনী মতে দেশৰ এজন আন্তজাৰ্তিক খেলুৱৈ সেই সময়ত কোনোবা এখন গুৰুত্বপূৰ্ণ  আন্তৰ্জাতিক খেলত তেওঁৰ বাবে দেশৰ দল হাৰে আৰু  তেওঁৰ যি অঞ্চলত বাস কৰিছিল তাত লগতে গোটেই দেশত সমালোচনা মুখত পৰি এজন দেশৰ এজন আগশাৰীৰ খেলুৱৈ হৈ থকা পাছতো নিজৰ দুখত খেলুৱৈ জীৱন অন্ত কৰিছিল।
সময় বাগৰি যোৱাৰ লগে লগে তেওঁক এটা সময়ত দিয়া হৈছিল  ৰাষ্ট্ৰীয় মহিলা হকী দলৰ প্ৰশিক্ষক পদ। পিছে তেতিয়া ৰাষ্ট্ৰীয় মহিলা দলৰ অৱস্থা আছিল শোচনীয়। কিন্তু তেওঁৰ অশেষ কষ্টৰে অত তত  হকী খেলৰ প্ৰতিভা বিচাৰি আনি  প্ৰশিক্ষণ দি দেশক দিছিল এদিন আনি দিছিল আন্তজাৰ্তিক প্ৰতিযোিতাত  বিজয় মুকুট।
এই প্ৰশিক্ষক জন খেলুৱৈ হিচাপে আছিল এজন  সফল খেলুৱৈ কিন্তু  দুৰ্ভাগ্য ভাবে তেওঁ দেশৰ শেষত কলংক ৰূপে হে মানুহে লৈ মনত  ৰাখিছিল সেই সময়ত কিন্তু মহিলা হকী দলটো যেতিয়া বিজয় হৈ দেশলৈ ঘূৰি আহিছিল দলৰ সমান্তৰাল ভাবে তেওঁকো দিয়া হৈছিল বীৰৰ সন্মান।
এতিয়া কথা হল এই কাহিনী টো খাপ যায় আছে বৰ্তমান সময়ত আমাৰ  ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ এজন প্ৰশিক্ষক লগত। তেওঁ আছিল দেশত অন্যতম সফল খেলুৱৈ তথা বিশ্ব ক্ৰিকেটৰ এজন মহান বেটাৰ। খেলুৱৈ জীৱনৰ শেষলৈ লৈকে তেওঁ  দেশক দিছিল বহুতো অৱদান আৰু পাইছিল  দেশৰ ক্ৰিকেট প্ৰেমী জনতাৰ আদৰ কিন্তু তাৰ মাজতে ২০০৭ ক্ৰিকেট বিশ্বকাপ কাহিনী যি জানে তেওঁ কব এই মহান ক্ৰিকেটৰ জনৰ কথা। এটা মহা শক্তিশালী দল লৈ গৈ শেষত একো কৰিব নোৱাৰি গ্ৰুপ পৰ্যায় পৰাই দল ঘূৰি আহিব লগা হৈছিল তেওঁৰ নেতৃত্বত। ফলত গোটেই দেশত হৈছিল হুলস্থুল। সেই হকী খেলুৱৈ জনৰ দৰে  অৱস্থা হোৱা নাছিল যদিও তেওঁ ভাবিব নোৱাৰা ধৰণে বিভিন্ন জনৰ পৰা দুখ পাইছিল মনত। লাহে লাহে  এদিন সেই হকী প্ৰশিক্ষক জনৰ দৰেই তেওঁ হল দেশৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক কেইটামান বছৰ গুচি গল তেওঁৰ সময়ত বিফলতাৰ মুখ নপৰা কৈ দেশৰ ক্ৰিকেট দলে আগৰ দৰে সফলতা বুটলি গৈ আছিল শেষত আছিল বিশ্বকাপ সেইবাৰ সকলোৱে ভাবিছিল ২০০৭ৰ সেই তিতা বোৰ মিঠা লৈ ৰূপান্তৰ কৰিব পাৰিব তেওঁ কিন্তু অলপতে ৰৈ গল সেই সপোন, কিন্তু  দলৰ কৰ্মকৰ্তাই তেওঁৰ ওপৰত বিশ্বাস ৰাখি তেওঁক প্ৰশিক্ষক পদত বাহাল ৰাখিলে।
২০২৪ টি/২০ বিশ্বকাপ, ঠাই সেই ২০০৭ ৱেষ্ট ইণ্ডিজ যত দুৰ্ভাগ্য এদিন লগ দিছিল তেওঁক  তাতে শেষত বিজয় মুকুট পিন্ধাই দেশক দিলে বহু বছৰৰ পাছত আন্তজাৰ্তিক ক্ৰিকেট ট্ৰফী।
সেই হকী প্ৰশিক্ষক জন আৰু এই ক্ৰিকেট প্ৰশিক্ষক জনৰ কাহিনী মাজত  চাবলৈ গলে নাই কোনো মিল।কিন্তু  কিবা এটা মিলাই চালে যেন এনে অনুভব হ’ব হয় ,কিবা এটা যেন ইয়াত সাদৃশ্য আছে। দুইটাতে যেন চক দে ইণ্ডিয়া।
কথা খিনি পঢ়ি সকলোৱে  বুজিছে চাগে মই কাৰ কথা কৈ আছোঁ!হয় মই অলপতে সমাপ্ত হোৱা টি/২০ বিশ্বকাপৰ ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক  জনৰ কথা কৈ আছোঁ নামটো সকলোৱে জানেই।