এছ ইউ চি আই(কমিউনিষ্ট)ৰ ৭৭তম প্ৰতিষ্ঠা বাৰ্ষিকী দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত ভাৰতৰ প্ৰকৃত সাম্যবাদী দল এছ ইউ চি আই(কমিউনিষ্ট)ৰ ৭৭তম প্ৰতিষ্ঠা বাৰ্ষিকী দিৱস পালন উপলক্ষে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত ৰাজ্যিক সমাবেশ অনুষ্ঠিত হয়।সভাৰ মুখ্যবক্তা, দলৰ পলিটব্যুৰোৰ প্ৰবীণ সদস্য প্ৰখ্যাত জননেতা কমৰেড অসিত ভট্টাচাৰ্য্য অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰাত ভিডিঅ’ যোগে প্ৰদত্ত তেওঁৰ ভাষণ সভাত প্ৰজেক্টৰৰ মাধ্যমেৰে শুনোৱাৰ ব্যৱস্থা কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে দলৰ পলিট ব্যুৰোৰ অন্যতম সদস্য কমৰেড কান্তিময় দেব আৰু কেন্দ্ৰীয় কমিটিৰ অন্যতম সদস্য তথা দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে। সভাপতি হিচাপে সভাৰ কাৰ্য পৰিচালনা কৰে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য কমৰেড আহাৰ হুচেইনে। সভাত ৰাজ্যৰ বিজেপি পৰিচালিত ৰাজ্য চৰকাৰে দুখীয়া মেহনতী জনসাধাৰণৰ মাজত বিভেদ সৃষ্টিৰ উদ্দেশ্যে সংকীৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভঙ্গীৰে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ভূক্ত জনসাধাৰণৰ ওপৰত চলাই থকা ধাৰাবাহিক অন্যায়-অত্যাচাৰ আৰু অৱমাননাৰ বিৰুদ্ধে নিন্দা জনাই গণতান্ত্ৰিক মূল্যবোধৰ ভিত্তিত সংখ্যাগুৰু-সংখ্যালঘু নিৰ্বিশেষে সকলো নাগৰিকৰ সমানাধিকাৰৰ নীতি সুনিশ্চিত কৰাৰ দাবীত আৰু যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰ ৰাজ্যৰ পেহেলগামত নিষিদ্ধঘোষিত লস্কৰ-ই-তৈৱবাৰ শাখা স্ংগঠন ৰেজিষ্টেন্স ফ্ৰণ্ট কৰ্তৃক ২৮ জনকৈ পৰ্যটকক হত্যা কৰা বৰ্বোৰোচিত ঘটনাৰ তীব্ৰ নিন্দা জনাই নিহত-আহতসকলৰ পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী দুটাকৈ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহন কৰা হয়। দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো প্ৰতিটো দলীয় কাৰ্যালয়ৰ লগতে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়তো ৰক্ত পতাকা উত্তোলন, দলৰ প্ৰতিষ্ঠাতা সাধাৰণ সম্পাদক, মহান মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক কমৰেড শিবদাস ঘোষৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপনৰ লগতে দলৰ কৰ্মী-সমৰ্থক সকলে শিবদাস ঘোষৰ প্ৰতিকৃতি সম্বলিত বেজ পৰিধান কৰে। মুখ্যবক্তা কমৰেড অসিত ভট্টাচাৰ্য্যই তেখেতৰ ভাষণত কয় যে, আমাৰ দেশত চলা সাম্ৰাজ্যবাদ বিৰোধী ঐতিহাসিক স্বাধীনতা আন্দোলনৰ মাজেৰে দেশখন ৰাজনৈতিকভাৱে স্বাধীন হল যদিও গণমুক্তি অৰ্জিত নহ’ল, দেশত প্ৰতিষ্ঠা হ’ল জনজীৱনক দূৰ্বিসহ কৰি তোলা চূড়ান্ত শোষণ মূলক পুঁজিবাদী ব্যৱস্থা। ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে সমাজতান্ত্ৰিক বিপ্লৱ সম্পন্ন কৰিবলৈ হলে প্ৰয়োজন এটা সঠিক বিপ্লৱী সাম্যবাদী দল। অথচ স্বাধীনতাৰ আগতে দেশত গঢ়ি উঠা অবিভক্ত, আজি বহুধা বিভক্ত দল চিপিআই সঠিক প্ৰক্ৰিয়াত এটা সঠিক কমিউনিষ্ট পাৰ্টি হিচাপে গঢ়ি উঠিব নোৱাৰা বাবে এফালে যিদৰে স্বাধীনতা আন্দোলনত শ্ৰমিক শ্ৰেণীৰ নেতৃত্ব প্ৰতিষ্ঠা কৰি ইয়াক গণমুক্তিৰ লক্ষ্যলৈ লৈ যাবলৈ বিফল হয়, ঠিক সেইদৰেই আজিও তেওঁলোকে পুঁজিবাদ বিৰোধী বিপ্লৱত নেতৃত্ব দিবলৈ অক্ষম। এই ঐতিহাসিক সত্য উপলব্ধি কৰিয়েই মহান মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক কমৰেড শিবদাস ঘোষে সমাজ মুক্তিৰ অপৰিহাৰ্য চৰ্ত পূৰণৰ দায়িত্ব গ্ৰহন কৰি অভূতপূৰ্ব কঠিন সংগ্ৰামৰ মাজেৰে ১৯৪৮ চনৰ ২৪ এপ্ৰিল তাৰিখে ভাৰতৰ মাটিত গঢ়ি তোলে এছ ইউ চি আই(কমিউনিষ্ট)। কমৰেড শিবদাস ঘোষৰ চিন্তাধাৰাৰ সঠিকতা মানি লৈ আজি যিদৰে ক্ৰমান্বয়ে দেশৰ সৎ, সাহসী, চিন্তাশীল মানুহে এই দলক আঁকোৱালি লৈছে, এই পথত আগবাঢ়ি আহিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। দলৰ সংগীত গোষ্ঠীৰ দ্বাৰা পৰিবেশিত ২৪ এপ্ৰিল আৰু কমৰেড শিবদাস ঘোষৰ ওপৰত ৰচিত দুটি সংগীতেৰে আৰম্ভ হোৱা সভা আন্তৰ্জাতিক সংগীত পৰিবেশনৰে সমাপ্ত হয়৷