এছ আই টিয়ে ১০ ডিচেম্বৰৰ আগতেই দাখিল কৰিবঃমুখ্যমন্ত্রী 

এছ আই টিয়ে ১০ ডিচেম্বৰৰ আগতেই দাখিল কৰিবঃমুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ চাৰ্জশ্বীট এছ আই টিয়ে ১০ ডিচেম্বৰৰ আগতেই দাখিল কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুনৰ কয়। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নিয়ম অনুসৰি ১৮ ডিচেম্বৰৰ ভিতৰত চার্জশ্বীট দাখিল কৰিব লাগে যদিও তেওঁ আশা প্রকাশ কৰে যে ১০ ডিচেম্বৰৰ আগতেই এছ আই টিয়ে দাখিল কৰিব পাৰিব চার্জশ্বীট। তেওঁ কয় “এছ আই টিয়ে ১০ ডিচেম্বৰৰ ভিতৰত আদালতত চার্জশ্বীট দাখিল কৰিব। যদিও নিয়ম মতে ১৮ ডিচেম্বৰ পৰ্যন্ত সময় আছে, কিন্তু মই বিশ্বাস কৰোঁ ১০ ডিচেম্বৰৰ আগতেই চার্জশ্বীট দাখিল কৰা হ’ব। এছ আই টিয়ে চার্জশ্বীট দাখিলৰ সঠিক তাৰিখ আৰু সময় সংবাদ মেলযোগে জনাব। আৰু মোৰ বিশ্বাস তেওঁলোকে ৬ৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত যিকোনো এটা দিনত চার্জশ্বীট দাখিল কৰিব।” মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি তামুলপুৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী সভাৰ পিছত সংবাদ মাধ্যমৰে হোৱা কতা-বতৰাত এইদৰে কয়।