এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা 

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত অন্ত পৰিল দীৰ্ঘদিনৰ জল্পনাকল্পনা আগন্তুক  এছিয়া  কাপ  প্ৰতিযোগিতাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে (বিচিচিআই)য়ে ভাৰতীয় দল ঘোষণা কৰিছে।  ৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ২০২৫ এছিয়া কাপৰ বাবে এক সংবাদমেল যোগে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া দল ভাৰতীয় দল ঘোষণা কৰে।ঘোষিত দলটোত শুভমন গিলক নতুন সহ-অধিনায়ক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পূৰ্বে অক্ষৰ পেটেল এই দায়িত্বত আছিল।  ইফালে ৱৰ্ক মেনেজমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাৰ অন্তিমখন মেচত জিৰণি লোৱা যশপ্ৰীত বুমৰাহে এছিয়া কাপত ভাৰতীয় বলিং আক্ৰমণক নেতৃত্ব দিব। দলত সঞ্জু চেমচনৰ সৈতে উইকেটকীপাৰ হিচাপে জিতেশ শৰ্মাক স্থান দিয়া হৈছে । যশস্বী জয়ছোৱাল আৰু শ্ৰেয়স আয়াৰক লৈ যথেষ্ট চৰ্চা চলি আছিল যদিও দুয়োগৰাকী খেলুৱৈক দলত স্থান দিয়া হোৱা নাই। অৱশ্যে দলৰ সৈতে ষ্টেণ্ডবাই হিচাপে থাকিব জয়ছোৱাল,প্ৰসিধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল আৰু ৰিয়ান পৰাগ। দললৈ প্ৰত্যাৱৰ্তনৰ পিছতে ধাৰাবাহিকতা প্ৰদৰ্শন কৰি অহা বৰুণ চক্ৰৱৰ্তীৰ সৈতে স্পীন আক্ৰমণত থাকিব অভিজ্ঞ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ। আনহাতে বুমৰাহৰ সৈতে পেচ আক্ৰমণৰ অংশীদাৰ হিচাপে দলত স্থান দিয়া হৈছে অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাক। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই পেচ আক্ৰমণত সহযোগ কৰিব। উল্লেখ্য যে অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত ভাৰতে ১০ ছেপ্টেম্বৰত অভিযান আৰম্ভ কৰিব। সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে ডুবাইত ভাৰতে প্ৰথমখন মেচ খেলিব। ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত ডুবাইতে পাকিস্তানৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হ’ব। আনহাতে ১৯ ছেপ্টেম্বৰত আবু ধাবিত ওমানৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচ খেলিব ভাৰতে। ঘোষিত ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (সহ-অধিনায়ক), সঞ্জু চেমচন, অভিষেক শৰ্মা, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, যশপ্ৰীত বুমৰাহ,  জিতেশ শৰ্মা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, ৰিংকু সিং, শিৱম ডুবে।