এছিয়া কাপৰ ছুপাৰ-৪ত ভাৰতৰে পুনৰ মুখামুখি হ’ব পাকিস্তান

এছিয়া কাপৰ ছুপাৰ-৪ত ভাৰতৰে পুনৰ মুখামুখি হ’ব পাকিস্তান

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা গ্ৰুপ পৰ্যায়ৰ খেলখনত ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈসকলৰ সৈতে কৰমৰ্দন নকৰাৰ ফলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। এই ঘটনাৰ পিছত পাকিস্তানে আনকি প্ৰতিযোগিতাখন বৰ্জন কৰাৰ ভাবুকি দিছিল। তাৰ মাজতে পাকিস্তান ক্ৰিকেট দলে এছিয়া কাপৰ দশমখন মেচত আন এক বিতৰ্কৰ সূচনা কৰে ।পাকিস্তান দলটো ষ্টেডিয়ামত  ১ ঘণ্টা পলমকৈ উপস্থিত হ’ল । যাৰ বাবে ইউ এ ইৰ বিৰুদ্ধে খেলখন এঘণ্টা পিছুৱাই দিবলগীয়া হয় । অৱশ্যে খেলখনত পাকিস্তানে ৪১ ৰাণত জয়লাভ কৰি ছুপাৰ-৪ত প্ৰৱেশ কৰা গ্ৰুপ-Aৰ দ্বিতীয়টো দল হৈ পৰে । ভাৰতে ইতিমধ্যে ছুপাৰ-৪ত প্ৰৱেশ কৰিছে । অৰ্থাৎ ভাৰত আৰু পাকিস্তান পুনৰ এবাৰ মুখামুখি হোৱাতো নিশ্চিত হৈ পৰিল । অহা ২১ ছেপ্টেম্বৰত পাকিস্তান দলটোৱে পুনৰ ভাৰতৰ বিৰুদ্ধে  খেলিব লাগিব । ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। ইউ এ ইৰ বিৰুদ্ধে খেলখনত টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰা পাকিস্তানে ৯ উইকেটত ১৪৬ ৰাণ সংগ্ৰহ কৰে।ইউ এ ইৰ হৈ জুনেইদ ছাদিক আৰু ছিমৰণজিতে সুন্দৰ বলিং প্ৰদৰ্শন কৰে । জুনেইদে ৪ অভাৰত ১৮ ৰাণ দি ৪ উইকেট দখল কৰাৰ বিপৰীতে ছিমৰণজিতে ৪ অভাৰত ২৬ ৰাণ দি ৩ টা উইকেট দখল কৰে ।১৪৭ ৰাণৰ লক্ষ্য আছিল যদিও ইউ এ ইৰ দলটোৱে বিশেষ একো কৰিব নোৱাৰিলে আৰু কেইজনমান খেলুৱৈৰ বাহিৰে কোনেও বেটিঙেৰে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে । ৰাহুলে ৩৫ টা বলত ৩৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ধ্ৰুৱ প্ৰশৰে ২৩ টা বলত ২০ ৰাণৰ অৰিহণা যোগায় । ইয়াৰ উপৰিও আলী শ্বাৰাফুৱে ১২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায় আৰু অধিনায়ক মহম্মদ ৱাছিমেও মাত্ৰ ১৪ ৰাণ সংগ্ৰহ কৰে ।ইয়াৰ বিপৰীতে পাকিস্তানৰ বলাৰসকলেও শক্তিশালী প্ৰদৰ্শন কৰে । আফ্ৰিদী, ৰাউফ, আব্ৰাৰে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ছাইম আৰু ছলমানে এটাকৈ উইকেট দখল কৰে ।