এছিয়া কাপত আজি অভিযান আৰম্ভ কৰিব ভাৰতে 

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা আৰম্ভ হ’ব এছিয়া কাপত ভাৰতৰ অভিযান। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত ভাৰত সন্মুখীন হ’ব ইউ এ ইৰ বিৰুদ্ধে। তাৰ পূৰ্বে ভাৰতীয় দলটোৱে অনুশীলন তীব্ৰতৰ কৰি তুলিছে। দীৰ্ঘদিনৰ পিছত টি-২০ খেলিবলৈ লোৱা ভাৰতীয় দলটো অৱশ্যে আত্মবিশ্বাসী হৈ আছে। এছিয়া কাপৰ জৰিয়তে টি-২০ দললৈ ঘূৰি আহিছে শুভমণ গীল। দলটোত তেওঁক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। এই প্ৰতিযোগিতাত শুভমণ গীলৰ প্ৰদৰ্শনৰ ওপৰত তেওঁৰ টি-২০ কেৰিয়াৰ বহু পৰিমাণে নিৰ্ভৰ কৰিব। খবৰ অনুসৰি শুভমণ গীলে অনুশীলনত অংশগ্ৰহণ কৰিছে যদিও তেওঁ কঠোৰ অনুশীলনৰ পৰা বিৰত আছে। নেটতো তেওঁক বেছি সময় দেখিবলৈ পোৱা নাই। আইচিচি একাডেমীৰ খেলপথাৰত তেওঁ অতি আৰামেৰে অনুশীলনত ভাগ লৈছে। ইতিমধ্যে টি-২০ত ফৰ্মেটত বিস্ফোৰক বেটছমেন হিচাপে পৰিচিত হৈ পৰা অভিষেকো এঘণ্টাৰো অধিক সময় নেটত অনুশীলন কৰিছে।   ইফালে শুভমণ গীলৰ আগমণে চিন্তিত কৰি ৰাখিছে সঞ্জু ছেমছনক। শুভমণ গীলেই অভিষেক শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনাই প্ৰবল। ফলত সঞ্জুৱে মূল একাদশত স্থান নোপোৱাৰ সম্ভাৱনাই অধিক। এই লৈ বিভিন্ন প্ৰশ্নও উত্থাপন হৈছে। অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে সঞ্জু ছেমছনক তেওঁক সঠিক ভাৱেই ৰাখিছে আৰু তেওঁৰ যত্ন লৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁৰ ভাষ্যত অৱশ্যে স্পষ্ট হোৱা নাই সঞ্জু ছেমছনে মূল একাদশত খেলাৰ সুযোগ পাব নে নাই।  আটতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে মেচখনৰ পূৰ্বে সঞ্জু ছেমছনক নেটত অনুশীলন কৰাও দেখিবলৈ পোৱা নগল। মিডল অৰ্ডাৰতো তেওঁৰ খেলাৰ সম্ভাৱনা ক্ষীণ। এনে পৰিস্থিতিত সঞ্জু ছেমছন যে পুনৰ বেঞ্চতেই বহি থাকিব লাগিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে।