এছিয়ান হকী চেম্পিয়নছ ট্ৰফী ২০২৪ ৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

এছিয়ান হকী চেম্পিয়নছ ট্ৰফী ২০২৪ ৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়ান হকী চেম্পিয়নছ ট্ৰফী ২০২৪ ৰ দ্বিতীয়খন ছেমি ফাইনেল ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত হয় ৷ এই ৰোমাঞ্চকৰ খেলখনত বিশ্বৰ পঞ্চম স্থানত থকা ভাৰতে ১৪ নং স্থানৰ দল দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰৱেশ কৰে ফাইনেলত । মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া খিতাপ দখলৰ যুঁজত ভাৰতে মুখামুখি হ’ব আয়োজক দেশ চীনৰ ৷ ছেমি ফাইনেলৰ প্ৰথমখন মেচত চীনে পাকিস্তানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ৷ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতৰ হৈ উত্তম সিং (১৩ মিনিট), হৰমনপ্ৰীত সিং (১৯ আৰু ৪৫ মিনিট) আৰু জৰ্মানপ্ৰীত সিঙে (৩২ মিনিট) ত গ’ল প্ৰদান কৰে ৷ দক্ষিণ কোৰিয়াৰ হৈ ইয়াং জিহুনে (৩৩ মিনিট) ত একমাত্ৰ গ’লটো দিয়ে । ভাৰতে দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত অব্যাহত ৰাখিছে জয়ৰ ধাৰা ৷ বৰ্তমানলৈকে ভাৰতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৫ খন মেচৰ আটাইকেইখনতে জয় লাভ কৰিছে ৷