এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ দলত লভলিনা, শিৱ
ৰঙিলী বাৰ্ত্তাসেৱা- ৩০ অক্টোবৰৰ পৰা আম্মানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লভলিনা বৰগোহাঁই আৰু পাঁচবাৰৰ এছিয়ান পদক বিজয়ী শিৱ থাপাই ভাৰতৰ দলত স্থান লাভ কৰে।বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ এন আই এছ পাটিয়ালাত অনুষ্ঠিত হৈছিল বাছনি পৰীক্ষা। কমনৱেলথ গেমছ ২০২২ ৰ স্বৰ্ণ পদক বিজয়ী নিতু ঘাংঘাছ, নিখাত জাৰিন আৰু অমিত পাংঘালে এই ট্ৰায়েলত অংশ লোৱা নাছিল।