এছিয়ান গেমছত স্বৰ্ণ জয়ৰ লক্ষ্যৰে যুঁজত নামিব অসম কন্যা লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয়ৰ লক্ষ্যৰে যুঁজত নামিব অসম কন্যা লাভলীনা

ৰঙিলী বাৰ্ত্তাসেৱা– আজি দিনৰ ১.১৫ বজাত স্বৰ্ণ জয়ৰ যুঁজত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই।লাভলীনাৰ সন্মুখত থাকিব চীনৰ প্ৰতিদ্বন্দ্বী লী কুইন। ২০১৬ আৰু ২০২০চনৰ অলিম্পিকত পদক বিজয়ী লী কুইন। পূৰ্বে লী কুইনৰ বিৰুদ্ধে লাভলীনাই ৪-১ৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল।ইতিমধ্যে লাভলীনাই এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।