এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ মিক্সড ৰীলেত স্বর্ণ জয় ভাৰতৰ

এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ মিক্সড ৰীলেত স্বর্ণ জয় ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ দ্বিতীয়দিনা ভাৰতে ৬টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। দক্ষিণ কোৰিয়াৰ গুমিত চলি থকা প্রতিযোগিতাখনৰ দ্বিতীয় দিনা ভাৰতলৈ দ্বিতীয়টো স্বর্ণপদক কঢ়িয়াই আনে মিক্সড ৰীলে দলটোৱে। ৰূপল চৌধুৰী, সন্তোষ কুমাৰ, বিশাল টি কে আৰু শুভ ভেংকটেছনৰ দ্বাৰা গঠিত ভাৰতৰ ৪X৪০০ মিটাৰ মিক্সড ৰীলে দলটোৱে তিনি মিনিট ১৮.১২ ছেকেণ্ডত প্রথম স্থান দখল কৰি স্বৰ্ণপদক জয় কৰে। ইপিনে, ডেকাথলন ইভেন্টত ভাৰতৰ তেজস্বিন শংকৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ত্ৰিপল জাম্পত প্রবীণ চিত্ৰভেলেই ৰূপৰ পদক অর্জন কৰে। প্রবীণে ১৬.৯০ মিটাৰ জঁপিয়াই দ্বিতীয় স্থান অধিকাৰ কৰে। আনহাতে, মহিলাৰ ৪০০ মিটাৰ আৰু ১৫০০ মিটাৰত ৰূপৰ পদক লাভ কৰে ভাৰতৰ ৰূপল চৌধুৰী আৰু পূজাই। ৰূপলে ৫২.৬৮ ছেকেণ্ডত নির্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ বিপৰীতে পূজাই ৪ মিনিট ১০.৮৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে। দ্বিতীয় দিনৰ অন্তলৈকে ভাৰতে দুটা স্বর্ণ, ৪টা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মঙলবাৰে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ভাৰতৰ হৈ প্ৰথমটো স্বর্ণপদক জয় কৰিছিল গুলবীৰ সিঙে।