এছচিঅ’ৰ যৌথ ঘোষণা পত্রত স্বাক্ষৰ নকৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

এছচিঅ’ৰ যৌথ ঘোষণা পত্রত স্বাক্ষৰ নকৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত পাক সন্ত্রাসবাদীৰ আক্ৰমণৰ প্ৰসংগ উল্লেখ নথকা বাবেই চীনত অনুষ্ঠিত ছাংহাই কো-অপাৰেচন অর্গেনাইজেচন, চমুকৈ এছচিঅ’ৰ যৌথ বিবৃতিত স্বাক্ষৰ নকৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা ভাৰতে চীনৰ কিংডাওত অনুষ্ঠিত এছচিঅ’ সন্মিলনত পেহেলগামত যোৱা ২২ এপ্রিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ প্ৰসংগ এছচিঅ’ৰ যৌথ ঘোষণা-পত্ৰত উল্লেখ নকৰাৰ বাবেই প্ৰতিৰক্ষা মন্ত্ৰী সিঙে তীব্র প্রতিবাদ কৰাৰ লগতে সন্মিলনৰ যৌথ ঘোষণা-পত্ৰত স্বাক্ষৰ নকৰি পাক মদতপুষ্ট সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি স্পষ্ট কৰি দিয়ে। মন কৰিবলগীয়া যে জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ বিষয়টো উল্লেখ নকৰাৰ বিপৰীতে এই ঘোষণা-পত্রত পাকিস্তানত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ে উল্লেখ কৰা হৈছিল। এই লৈ অসন্তুষ্টি ব্যক্ত কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ঘোষণা-পত্ৰত স্বাক্ষৰ নকৰি ভাৰতৰ সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক লৈ কঠোৰ স্থিতি স্পষ্ট কৰি দিয়াৰ লগতে চীনক এইক্ষেত্রত সমালোচনা কৰে। এছচিঅ’ৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মিলনত প্ৰতিৰক্ষা মন্ত্রী সিঙে সন্ত্রাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে সদস্য দেশসমূহে সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ নকৰাৰ বাবেও আহ্বান জনায়। এক কথাত সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰা দেশক কঠোৰ ভাষাৰে সমালোচনা কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অস্ত্র নির্মূলৰ ওপৰতো গুৰুত্ব দিয়ে। পাকিস্তানৰ নাম নোলোৱাকৈ প্ৰতিৰক্ষা মন্ত্রী সিঙে কয় যে শান্তি আৰু সমৃদ্ধি সন্ত্রাসবাদৰ সৈতে সহাৱস্থান নকৰে। আমাৰ অঞ্চলটোত সম্প্রতি সন্ত্রাসবাদ বৃহৎ প্রত্যাহ্বান হৈ শান্তি, নিৰাপত্তা আৰু বিশ্বাস হেৰুৱাই পেলোৱাৰ দিশত আগবাঢ়িছে। মৌলবাদ, সন্ত্রাসবাদ আৰু বিচ্ছিন্নতাবাদৰ শিপা বৃদ্ধি পাই থকাৰ বাবেই অঞ্চলটোত সন্ত্রাসবাদে প্রত্যাহ্বান হিচাপে থিয় দিছে। তদুপৰি পাকিস্তানক কটাক্ষ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে কিছুসংখ্যক দেশে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক দেশীয় নীতিৰ সঁজুলি হিচাপে গঢ়ি তুলিছে আৰু সন্ত্রাসবাদীক আশ্ৰয় প্ৰদান কৰি লালন-পালন কৰি আছে। দেশকেইখনে ঠেক আৰু স্বাৰ্থপৰ দৃষ্টিভংগী সলনি নকৰিলে ভয়াৱহ পৰিণাম ভুগিব লাগিব। সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্ৰহণ কৰা দেশসমূহক সমালোচনাৰ বাবে এছচিঅ’ই কুণ্ঠাবোধ কৰিব নালাগে। সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে নিজক সুৰক্ষা দিয়াতো দেশৰ অধিকাৰ আছে বুলি উল্লেখ কৰি সন্ত্রাসবাদৰ কেন্দ্ৰ সুৰক্ষিত নহয় বুলি নতুন দিল্লীয়ে দেখুৱাইছে বুলিও কয়। সন্ত্রাসবাদৰ কেন্দ্ৰত আক্ৰমণ কৰিবলৈ ভাৰতে কুণ্ঠাবোধ নকৰে বুলিও পৰোক্ষভাৱে পাকিস্তানক সকীয়াই দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। আনহাতে কিছুসংখ্যক দেশে সীমান্তৰ সিপাৰৰ পৰা সন্ত্রাসবাদীক আধুনিক প্রযুক্তিৰ আহিলা ড্রোনৰ জৰিয়তে অস্ত্ৰ যোগান ধৰাকে ধৰি ড্ৰাগছ সৰবৰাহত সুবিধা দি আছে বুলি কয় সিঙে। উল্লেখ্য যে ১০ দেশীয় সদস্যৰ এছচিঅ’ত ভাৰত, চীন আৰু ৰাছিয়াকে ধৰি পাকিস্তান, বেলাৰুছ, ইৰান, কাজাখস্তান, কিৰগিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান আছে। এছচিঅ’ৰ দেশসমূহৰ সৈতে ভাৰতৰ সহযোগিতা আৰু পাৰস্পৰিক বুজাবুজি সদায়ে আছে বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদৰ যিকোনো কাৰ্যক অপৰাধ আৰু অন্যায় কার্য হিচাপে নিৰ্ধাৰিত কৰি ইয়াৰ বিৰুদ্ধে এছচিঅ’ই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও সন্মিলনত উল্লেখ কৰে।