এছইউচিআইৰ দেশব্যাপী প্ৰতিবাদ দিৱস

এছইউচিআইৰ দেশব্যাপী প্ৰতিবাদ দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা মে মাহৰ তিনি তাৰিখৰ পৰা মণিপুৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক বি জে পি চৰকাৰৰ পৃষ্ঠপোষকতাত যি ভয়ঙ্কৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হৈছে, তাৰ বিৰুদ্ধে ৩০ জুনত এছ ইউ চি আই (কমিউনিষ্ট)ৰ কেন্দ্ৰীয় কমিটীয়ে দেশব্যাপী প্ৰতিবাদ দিৱস পালনৰ যি আহ্বান জনাইছিল, তাৰ প্ৰতি সহাৰি জনাই সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্যজুৰি জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীত সংগঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত দলৰ শতাধিক কৰ্মী- সমৰ্থকে হাতে হাতে প্লেকাৰ্ড-বেনাৰ লৈ ‘ মণিপুৰত অবিলম্বে শান্তি-শৃঙ্খলা ঘুৰাই আনক, ভোটবেংক সৃষ্টিৰ উদ্দেশ্যে বিজেপি চৰকাৰে মণিপুৰত চলোৱা ভ্ৰাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ পৰাস্ত কৰক, মণিপুৰ জ্বলি থকা অৱস্থাতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ কিয় জবাব লাগে জবাব দিয়ক আদি শ্লোগানেৰে মুখৰিত কৰি এক শোভাযাত্ৰা গুৱাহাটীৰ জি এছ ৰোডেৰে আগবাঢ়ি যাবলৈ আৰম্ভ কৰাৰ লগে লগে পুলিচে বাধা দিয়াত প্ৰতিবাদকাৰীসকলে পুলিচৰ বাধা নেওচি আগবাঢ়িবলৈ চেষ্টা কৰে।ফলত পুলিচৰ লগত ঠেলা-হেঁচা, ধস্তা-ধস্তি আৰম্ভ হয় আৰু পুলিছে বেনাৰখন ফালি পেলায়। পুলিচৰ এনে কাণ্ডত প্ৰতিবাদকাৰীসকল জাঙুৰ খাই উঠে আৰু জি এছ ৰোডৰ মাজতে বহি পৰে আৰু পথ অৱৰোধ কৰি শ্লোগানেৰে অঞ্চলটো উত্তাল কৰি তোলে। ভালেখিনি সময় পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ পাছত প্ৰতিবাদকাৰীসকলৰ আগত বক্তব্য দাঙি ধৰে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য কমৰেড অজিত আচাৰ্যই।কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰৰ পূৰ্বপৰিকল্পনা আৰু পূৰ্ণ মদতত এই ভয়ঙ্কৰ সাম্প্ৰদায়িক জুই জ্বলি থকাৰ ফলত ইতিমধ্যেই কেবা হাজাৰ মানুহৰ ঘৰ জুই জ্বলাই ভস্মীভূত কৰাৰ ফলত গৃহহীন হৈ পৰিছে, শতাধিক মানুহ মৃত্যু মূখত পৰিছে, ব্যাপক লুটপাট আৰু অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছে। মণিপুৰ যেতিয়া কাৰ্যতঃ জ্বলি আছে, তেতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেকি উদ্বেগ প্ৰকাশ কৰিও এটা শব্দ উচ্চাৰণ কৰা নাই আৰু তেওঁ আমেৰিকা ভ্ৰমণ কৰিবলৈ গৈছে নিজকে ‘বিশ্ব গুৰু’ প্ৰতিপন্ন কৰাৰ বাবে।বিজেপি চৰকাৰৰ এনে অপৰাধজনক ভূমিকাৰ বিৰুদ্ধেই আজি সমগ্ৰ ভাৰতবৰ্ষতে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতিযোগে গণতান্ত্ৰিক আন্দোলনৰ বেনাৰ পুলিচে ফালি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা জনায় আৰু গুৱাহাটীসহ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক প্ৰতিবাদী কাৰ্যসূচী সফল কৰাৰ বাবে সংগ্ৰামী অভিনন্দন জনায়।