এছআৰ প্ৰক্ৰিয়াৰ কামসমূহ সকলোকে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান কংগ্ৰেছৰ

এছআৰ প্ৰক্ৰিয়াৰ কামসমূহ সকলোকে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান কংগ্ৰেছৰ
অসমত বিহাৰ, হাৰিয়ানাৰ দৰে ৰেলেৰে বহিঃৰাজ্যৰ ভোটাৰ অনাতো সহজ নহ’বঃ ৰকিবুল হুছেইন
বিএলএৰ দায়িত্ব আৰু কৰ্তব্যক লৈ নিৰ্বাচন আয়োগে স্ব-বিৰোধী স্থিতি লৈছেঃ ৰিপুন বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  ”মহাৰাষ্ট্ৰ, দিল্লী, বিহাৰ, হাৰিয়ানাৰ দৰে ৰেলেৰে বহিঃৰাজ্যৰ মানুহ আনি অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাতো সহজ নহ’ব। কিয়নো সেইবোৰ ৰাজ্যৰ পৰা হিন্দীভাষী লোক আনি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে অসমৰ ৰাইজে ভাষাটোৰ বাবে অতিসহজে ধৰা পেলাব পাৰিব। হ’লেও এইক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হৈ থাকিব লাগিব।’’— ৰাজীৱ ভৱনত আজি অনুষ্ঠিত এছআৰ বিষয়ক এক সংবাদমেলত এইদৰে কয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। সাংসদগৰাকীয়ে আৰু কয় যে অসমৰ ক্ষেত্ৰত এছআইআৰ কৰা নহয় বুলি কৈ আয়োগে এতিয়া যি এছআৰ কৰাৰ কথা কৈছে তাক লৈ ৰাইজৰ মাজত সন্দেহ আৰু শংকাই দেখা দিয়াৰ যথেষ্ট থল আছে। হুছেইনে কয়, ”পূৰ্বে দিল্লীত সংবাদমেল পাতি নিৰ্বাচন আয়োগে এনআৰচিৰ পৰিপ্ৰেক্ষিতত অসমত এছআইৰ কৰা নহয় বুলি কৈছিল। ফলত অসমৰ জনতাই সকাহ পাইছিল। কিন্তু এতিয়া নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ যি সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ ব্যৱস্থা আছে তাৰ পৰিৱৰ্তে বিশেষ সংশোধনী চমুকৈ এছআৰ কৰাৰ কথা কোৱা হৈছে। গতিকে সকলোৱে সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি সূক্ষ্ম দৃষ্টি ৰাখিব লাগিব।’’ বিএলঅ’সকলৰ পৰ্যাপ্ত প্ৰশিক্ষণ অবিহনে সমগ্ৰ প্ৰক্ৰিয়াটো অতি খৰখেদাকৈ কৰা হৈছে বুলিও অভিযোগ কৰে সাংসদ হুছেইনে। আনহাতে, সংবাদমেলত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ এছআৰ সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত কৰা বৈঠকত নিৰ্বাচন আয়োগে কেনেধৰণৰ প্ৰসংগ উত্থাপন কৰিছে সেই সম্পৰ্কে চমু আভাস দিয়ে। তেওঁ কয় যে ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী বা ‘ছামাৰি ৰিভিজন’ এক নিয়মীয়া প্ৰক্ৰিয়া আৰু ইয়াক লৈ চিন্তা কৰিবলগীয়া একো নাই যদিও বৰ্তমান নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ ওলোৱা স্পেচিয়েল ৰিভিজন, চমুকৈ এছআৰক লৈ ৰাইজ সতৰ্ক হৈ থাকিব লাগিব। বৰাই কয়, ”ছামাৰি ৰিভিজন নিৰ্বাচন থাকক বা নাথাকক প্ৰতিটো বছৰতে জানুৱাৰী মাহত কৰাতো এটা নিয়ম। কিন্তু স্পেচিয়েল ৰিভিজন পৃথক। গতিকে বিহাৰত যিদৰে এছআইআৰৰ যোগেদি বহু ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল, অসমত এছআৰৰ যোগেদি যে তেনে নকৰিব সেই কথা আমি খাটাংকৈ ক’ব নোৱাৰো। এই কথাত আমাৰ সন্দেহ আছে।’’ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো তিনিমাহ থকা অৱস্থাত ছামেৰি ৰিভিজন নকৰি স্পেচিয়েল ৰিভিজন কৰাৰ আঁৰত বিশেষ কাৰণ থাকিব পাৰে বুলিও ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে সন্দেহ ব্যক্ত কৰে। উল্লেখ্য যে, ছামাৰি ৰিভিজন অনুসৰি মৃত লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হয় আৰু নতুনকৈ ভোটাধিকাৰৰ বাবে যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত হয়। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকা আপডেট হৈ আছে বুলি উল্লেখ কৰি ৮ মাহ পিছত কিয় পুনৰ ভোটাৰ তালিকা পুনৰীক্ষণ কৰিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। এছআৰক লৈ নিৰ্বাচন আয়োগে দিয়া গাইডলাইন সন্দৰ্ভতো প্ৰশ্ন কৰে বৰাই। তেওঁ কয় যে এছআৰৰ নিয়মাৱলীত বিএলএক লৈ থকা নিয়ম আৰু বিএলএৰ নিযুক্তি পত্ৰত উল্লেখ থকা বিএলএৰ দায়িত্ব-কৰ্তব্যৰ মাজত যথেষ্ট পাৰ্থক্য আছে বাবেই সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। ”গাইডলাইনত স্পষ্টকৈ আছে যে এছআৰৰ প্ৰতিটো পদক্ষেপতে একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে বিএলঅ’সকলৰ লগত ৰাজনৈতিক দলৰ বিএলএসকলে সহযোগ কৰিব। কিন্তু নিযুক্তি পত্ৰত দায়িত্ব আৰু কৰ্তব্য সীমিত কৰি দিয়া হৈছে আৰু কোৱা হৈছে যে খছৰা প্ৰকাশ পোৱাৰ দিনাৰ পৰা ওজৰ-আপত্তি দাখিল কৰাৰ অন্তিম দিনটোলৈকেহে বিএলঅ’সকল ব্যৱহৃত হ’ব।’’-বৰাই কয়। তেওঁ আৰু কয় যে খছৰা তালিকা প্ৰকাশ হ’বলগীয়া ২৭ ডিচেম্বৰৰ পৰা ওজৰ-আপত্তিৰ অন্তিম দিন অৰ্থাৎ মাত্ৰ ১৩-১৪ দিনৰ বাবেহে বিএলএক কামত লগাব। বাকী আচল কামবোৰত বিএলএসকলক আঁতৰাই ৰখাৰ পৰিপ্ৰেক্ষিততে সন্দেহ ঘনীভূত হৈ পৰিছে বুলিও কয় বৰাই। বিএলএক লৈ থকা স্ববিৰোধী নীতিৰ সম্পৰ্কে অৱগত কৰি সেয়া দূৰ কৰিবলৈ নিৰ্বাচন আয়োগক জনোৱা হৈছে বুলিও সদৰী কৰে বৰাই। যদিহে ইমানৰ পিছতো আয়োগে বিষয়টোত গুৰুত্ব নিদিয়ে আৰু বিএলএসকলক মূল কামৰ পৰা আঁতৰাই ৰাখে তেন্তে অসমত এছআইআৰ নকৰিলেও এছআৰৰ যোগেদিয়েই বিহাৰৰ দৰে শাসক পক্ষৰ সুবিধা হোৱাকৈ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ অভিসন্ধি ৰচনা কৰিছে বুলি কংগ্ৰেছ দলে ভাবিবলৈ বাধ্য হ’ব বুলিও কয় বৰাই। সেয়ে দেশৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত, মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত যোগ্য কোনো ভোটাৰ যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয় আৰু ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া কোনো যোগ্য ভোটাৰ যাতে অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে কংগ্ৰেছ দলৰ লগতে সকলো ৰাজনৈতিক দলক এছআৰ প্ৰক্ৰিয়াটোত পুংখানপুংখকৈ নিৰীক্ষণ কৰিবলৈকো সংবাদমেলযোগে আহ্বান জনায় ৰিপুন বৰাই। উল্লেখ্য যে, অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ এছআৰ সম্পৰ্কে ৰাজনৈতিক দলসমূহৰ সৈতে আজি এক বৈঠকৰ আয়োজন কৰিছিল। আয়োগে আয়োজন কৰা উক্ত বৈঠকত ভাগ লৈ বিষয়টো সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে ৰাজ্যবাসীক অৱগত কৰে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ ৰিপুন বৰাই।