এছআইটিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাৰ সংবাদমেল

এছআইটিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ এছ আই টিৰ দুজনীয়া দলটো বৃহস্পতিবাৰে উভতি আহে । ছিংগাপুৰৰ পৰা অহাৰ পিছতে এছ আই টিৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই শুকুৰবাৰে গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত ছিংগাপুৰত হোৱা আলোচনা সন্দৰ্ভত সাংবাদিকক অৱগত কৰে। ২০ অক্টোবৰত ছিংগাপুৰলৈ ৰাওনা হোৱা এছআইটিৰ দলটোৱে ভাৰতীয় উচ্চায়ুক্তৰ লগত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ এক বৈঠকত মিলিত হোৱাৰ পাছতে ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ সৈতেও এই সন্দর্ভত বিভিন্ন বিষয় আলোচনা কৰে। গুপ্তাই কয় যে যোৱা ২১ অক্টোবৰত এছপিএফৰ ৫জনীয়া উচ্চ পৰ্যায়ৰ এটা দলৰ সৈতে আমি বৈঠকত মিলিত হৈছিলোঁ। তদন্তৰ বিভিন্ন তথ্য তেওঁলোকে আমাৰ সৈতে বিনিময় কৰিছিল। উক্ত বৈঠকখন যথেষ্ট সফল হৈছিল বুলি মন্তব্য কৰি তদন্তৰ বাবে প্রয়োজনীয় বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। বৈঠকখনৰ বিষয়ে বিস্তৃতভাৱে বিৱৰি তেওঁ কয় যে আমি এটা নির্দিষ্ট সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন সময়ত দিব লাগিব বুলি তেওঁলোকক জনাইছোঁ। আমাৰ উত্তৰত তেওঁলোকে ইতিবাচক সঁহাৰি দিছে। উল্লেখ্য যে ছিংগাপুৰ ভ্ৰমণৰ সময়ছোৱাত প্রিয় শিল্পীগৰাকীৰ অন্তিম নিশ্বাস ত্যাগ কৰা ঘটনাস্থলীও পৰিদৰ্শন কৰে বুলি সদৰী কৰে এছআইটিৰ মুৰব্বী গুপ্তাই। অৱশ্যে ইয়াৰ মাজতে হোটেলৰ চিচি টিভি ফুটেজ তথা আন তথ্যসমূহ এছআইটিয়ে লাভ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হোটেলৰ চিচি টিভি ফুটেজ পৰীক্ষা আমি কৰিব নোৱাৰোঁ। ছিংগাপুৰ আৰক্ষীৰ দ্বাৰাহে সেইখিনি আমি পাম। তদুপৰি শিল্পীগৰাকীৰ অন্তিম সময়ত য়াটখনত থকা নাৱিক তথা চালকৰ ভাষ্য আৰু ছিংগাপুৰৰ আন কেইবাগৰাকী লোকৰ ভাষ্যও আমাক প্রয়োজন হ’ব। সেইখিনিও তেওঁলোকে আমাক যোগাৰ কৰি দিয়াৰ প্রতিশ্রুতি দিছে। অহা ১০ দিনৰ ভিতৰতে এই সমগ্র বিষয়টো সন্দর্ভত এটা ধনাত্মক সঁহাৰি ছিংগাপুৰ আৰক্ষীয়ে আমাক দিয়াৰ প্ৰতিশ্রুতি দিছে। সংবাদ মেলত শিল্পী জুবিন গাৰ্গৰ দেহৰক্ষীদ্বয় ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য সন্দৰ্ভতো মত প্রকাশ কৰে মুন্নাপ্রসাদ গুপ্তাই। মুন্নাপ্রসাদ গুপ্তাইকয় যে ব্যক্তিগত দেহৰক্ষী দুজনৰ বেংক একাউণ্টত যথেষ্ট ধনৰ লেনদেন পোৱা গৈছে। সেই ধন তেওঁলোকে আইনগতভাৱে অৰ্জন কৰা ধনৰ তুলনাত বহু বেছি। গতিকে দুর্নীতি প্ৰতিৰোধী আইনৰ অধীনত এয়া এটা অপৰাধ। আয়বহির্ভূত সম্পত্তি সন্দৰ্ভত ধৃত দুয়োজনৰ ওপৰত চিএম ভিজিলেঞ্চৰ গোচৰ এটা ৰুজু কৰা হৈছে। এই সন্দর্ভত তদন্ত বর্তমানে চিএম ভিজিলেঞ্চে অব্যাহত ৰাখিছে। অসমৰ ৰাইজক তদন্তক লৈ বিশ্বাস ৰখাৰ আহ্বান জনাই তেওঁ কয় যে অসম আৰক্ষীৰ সমান্তৰালভাৱে ছিংগাপুৰ আৰক্ষীয়েও নিজাববীয়াকৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। চিআইডিৰ ফালৰ পৰা তদন্ত ভালদৰে চলি আছে। আমি আশাবাদী যে সময়ত তদন্ত শেষ কৰিব পাৰিম। সংবাদ মেলত এছআইটিৰ মুৰব্বী গুপ্তাই ৰাইজৰ প্ৰতি আহ্বান জনাই কয় যে প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ ৬-৭ দিন আগতে ফোনযোগে হোৱা কথা-বতৰা বা মেছেজ আদি যদি কোনোবাৰ লগত আছে তেন্তে শীঘ্রেই এছআইটিক যোগাযোগ কৰিব লাগে। এনেধৰণৰ তথ্যবোৰে তদন্তক অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰি গুপ্তাই কয় যে  এই তদন্তত  গৰিমা শইকীয়া গাৰ্গৰো ভাষ্য লোৱাটো দৰকাৰ। তেওঁলোকৰ ভাষ্যৰ দৰকাৰ আছে ।  এতিয়ালৈকে ৭০জনৰো অধিক লোকক এছআইটিয়ে জেৰা চলাইছে। বিভিন্নজনৰ ভাষ্য সংগ্ৰহ কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ নিয়ম অনুসৰি আমি সময়ত চার্জশীট দিবলৈ চেষ্টা কৰিম।