এছআইটিয়ে ১৭ ডিচেম্বৰত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চার্জশ্বীট
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ অহা ১৭ ডিচেম্বৰত তদন্তৰ প্রতিবেদন অথবা চার্জশ্বীট আদালতত দাখিল কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। লক্ষণীয়ভাৱে ছিংগাপুৰত অকালভাৱে মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গ প্ৰকৃততে হত্যাৰ বলি হোৱা বুলি পুনৰ দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। খ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়, “মই হত্যাকাণ্ড বুলি কৈছিলো, সেয়াই হ’ব।” এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য- হত্যাকাণ্ড বুলি কোৱাৰ বাবে মোক জোকাই থাকে। কিন্তু তেওঁলোকৰ মুখত চুণ পৰিব। ইফালে জুবিন গাৰ্গক ন্যায় প্ৰদানত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা তথা পিছহোঁহকা বুলি বিৰোধীয়ে কৰা অভিযোগৰ বিপৰীতে মুখ্যমন্ত্রী ড° শৰ্মাৰ স্পষ্ট মন্তব্য- জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যু ডাইভার্ট নহয়। অহা ১৭ ডিচেম্বৰত সম্পূৰ্ণ তথ্য ৰাইজৰ আগলৈ লৈ আহিম, ক’ৰ্টৰ আগতো লৈ আহিম। মানুহে মানিবলৈ বাধ্য হ’ব যে কিমান ডাঙৰ কাম নির্দিষ্ট সময়ত আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেন্টলি কৈ আছোঁ যেতিয়া তাৰ পৰাই আপোনালোকে বুজি পাওক, মই কিমান বেছি কনফিডেন্ট। ডাঙৰ তথ্যসহকাৰে এছআইটিৰ ৰিপ’ৰ্ট দাখিল হ’ব। অসমৰ মানুহে বহু নজনা কথা জানিব পাৰিব। আনহাতে এছআইটিৰ ৰিপ’ৰ্ট মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ কেনেকৈ লাভ কৰিলে বুলি বিধায়ক অখিল গগৈয়ে উত্থাপন কৰি অহা অভিযোগৰ উত্তৰ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- মই ৰাজ্যৰ গৃহমন্ত্রী, যিখিনি গম পাব লাগে সেয়া গম পাবই লাগিব। অভিযোগনামা দাখিলৰ ক্ষেত্ৰত ১৭ ডিচেম্বৰ অন্তিম দিন। যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। মৃত্যুৰ দিনৰ পৰা ১৭ ডিচেম্বৰ চার্জশ্বীট দাখিলৰ শেষ সময়। এছআইটিয়ে কোৱা মতে, শেষ সময়সীমাৰ আগতেই চার্জশ্বীট দাখিল কৰিব পৰা যাব। কেইজনমানে মোক হত্যা বুলি কোৱাৰ বাবে জোকাই থাকে। তেওঁলোকৰ মুখতো চূণ পৰিব। মই ব্রডকাষ্টত হত্যা বুলি কৈছিলোঁ। হত্যা বুলি কোৱাৰ কাৰণে একাংশই কৈ থাকে- চিএমে হত্যা বুলি কৈছে। কিন্তু চিএমে যি কয়, ভাবি-চিন্তি কয়। চিএমে এটা কথাও উপৰুৱাকৈ নকয়। মুখ্যমন্ত্রীয়ে কয় যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ইছ্যুটো মোৰ বাবে ক্ল’জ ইছ্যু। ইতিমধ্যে মই নির্দেশ দি দিছোঁ যে ১৭ ডিচেম্বৰত চার্জশীট দিবই লাগিব। একাংশই ন্যায় লাগে বুলি কৈ আছে আৰু কিছুমানে ন্যায় দিব লাগে বুলি কৈ আছে। ইয়াত দুই ধৰণৰ মানুহ আছে। কিছুমানে কৈ আছে ন্যায় লাগে, কিছুমানে কৈ আছে ন্যায় দিবলৈ কৈ আছে। যোৱা এমাহ ধৰি দিনে-ৰাতিয়ে একাংশই ন্যায় দিবলৈ চেষ্টা চলাই আছে। ন্যায় বিচৰাসকলে যিসকলে ন্যায় দিবলৈ যোৱা এমাহ ধৰি কষ্ট কৰি আছে, তেওঁলোকৰ বাবে প্রার্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়। সামাজিক মাধ্যমত জাষ্টিচ ফৰ জুবিন লিখিলেই জুবিনে ন্যায় নাপায়। ন্যায় দিবলৈ পৰিশ্ৰম কৰিব লাগিব। এছআইটিয়ে সেই পৰিশ্ৰম দিনে-ৰাতিয়ে কৰি আছে, ইলেক্ট্র’নিক এভিডেঞ্চ, মেডিকেল এভিডেঞ্চ, ক্রছ একজামিনেচন, আদালতত ১৬৪ ষ্টেটমেন্ট ৰেকর্ডিং-নীৰৱে তেওঁলোকে বহু ডাঙৰ কাম কৰি আছে। তেওঁলোকৰ কামৰ পৰা গম পোৱা গৈছে যে যিসকলৰ অলপো সন্দেহ আছে যে জুবিন গার্গে জাষ্টিচ নাপাব নেকি ১৭ ডিচেম্বৰত তেওঁলোকে নিজেই নিজৰ ভাষ্য সলনি কৰিব লাগিব। তেওঁলোকে ক’বলৈ বাধ্য হ’ব যে অসমৰ এছআইটিয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হৈছে। পূর্বেও মই মানুহক ভুল প্রমাণিত কৰি আহিছোঁ, এইবাৰো অখিল গগৈৰ দৰে লোক পুনৰ মিছা বুলি প্রমাণিত হ’ব। আমি আকৌ এবাৰ ৰাইজৰ ওচৰত প্ৰমাণ কৰিম আমি কিমান দায়বদ্ধ।
