এছআইটিয়ে ১০ ডিচেম্বৰৰ ভিতৰত আদালতত দাখিল কৰিব চার্জশ্বীটঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৱে অগণিত গুণমুগ্ধ-অনুৰাগীক আজিও শোকস্তব্ধ কৰি ৰখাৰ মাজতে এছআইটিৰ তদন্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সাংবাদিকৰ আগত এছআইটি তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, এছআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে। বহু বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে। অহা ১৭ ডিচেম্বৰ অন্তিম তাৰিখ। কিন্তু মই ভাবোঁ ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক ৰাইজৰ সন্মুখলৈ আনিব পাৰিম। ক’ৰবাত ক’ৰবাত অসমৰ ৰাইজ আচৰিতো হ’ব। অলপ অলপ দুখো পাব-কষ্টও পাব। লগতে খঙো উঠিব। কিন্তু ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ আচল পদক্ষেপ এছআইটিৰ চার্জশ্বীট আমি দাখিল কৰিম। একপ্ৰকাৰ ক’বলৈ গ’লে বহু বছৰ ধৰি জুবিন গাৰ্গৰ লগত হৈ থকা বহু দুখ আৰু বেদনাভৰা কাহিনী ৰাইজে গম পাব। জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব। সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিম। জুবিন গাৰ্গৰ প্ৰসংগত কংগ্ৰেছ আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্রী ড° শৰ্মা। বিশেষকৈ কংগ্ৰেছে জুবিন গাৰ্গক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খোজা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে যিসকলে জুবিন গাৰ্গৰ গান এটাও গাব নোৱাৰে বা জুবিন গাৰ্গৰ ফাংছনতো কোনোদিনে অহা নাছিল, তেনেকুৱা এচাম মানুহক কংগ্ৰেছ আৰু অখিল গগৈয়ে সমাধিক্ষেত্ৰলৈ লৈ আহে। তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত কষ্ট পায়। বিশেষকৈ মিঞা সমাজৰ এচাম মানুহে অযথা গধূলি সমাধিক্ষেত্রলৈ আহি জুবিন গাৰ্গক কষ্ট দিয়া কামটো কৰি থাকে। যদি জুবিন গাৰ্গৰ ‘হুৰ হুৰ হুৰাই দে’ গানটো মনত পেলায় অথবা জুবিন গাৰ্গৰ সাক্ষাৎকাৰ চায়, তেতিয়া আপোনালোকে দেখিব- অসমত মিঞা সোমাল বুলি কিমান দুখ কৰিছিল। আজি কংগ্রেছে জুবিন গাৰ্গক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। ইয়াৰ বিপৰীতে প্ৰতিটো পদক্ষেপতে যাতে জুবিন গার্গে প্রকৃত সন্মান লাভ কৰে, তাৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ উপৰি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আপোনালোকে সাপ হৈ খুটি বেজ হৈ জাৰে । এতিয়া যদি মই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগ উত্থাপন কৰোঁ আপোনালোকে ক’ব ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছোঁ । এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰথম, তাৰ পাছত গৌৰৱ গগৈক যি কৰিব লাগে কৰা হ’ব । এতিয়া অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে । ১০ ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি পাছত গৌৰৱ গগৈৰ ফালে যাম । মই চৰাইৰ চকুটো চাইহে আগবাঢ়োঁ । যেনেকৈ দ্রোণচাৰ্যই অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে । মই চকুটো চাই আছোঁ ।”
